তামুলপুৰত এন আৰ ডি এছ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলিঃ

Telegram

তামুলপুৰত এন আৰ ডি এছ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলিঃ

=================================

তামুলপুৰ,২৭ জানুৱাৰীঃ–

ইংৰাজী নৱ বৰ্ষৰ আৰম্ভণিতে তামুলপুৰৰ বাবে এটি সুখবৰ ৷ তামুলপুৰ পুৰাণ চ’কত গণতন্ত্ৰ দিৱসৰ দিনাই পুৱা ১১:৩০ বজাত শুভাৰম্ভ কৰা এন আৰ ডি এছ কম্পিউটাৰ  প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীয়ে ৷ প্ৰাক্তন বিধায়ক গৰাকীয়ে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটোৱে তামুলপুৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

 

ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বালন কৰে তামুলপুৰ উলুবাৰী আঞ্চলিক হাইস্কুলৰ  সহঃ শিক্ষক মহেশ বৈশ্যই ৷ উদ্বোধনী অনুষ্ঠানত এন আৰ ডি এছৰ ধমধমাৰ সঞ্চালক যতীন বড়ো, সাংস্কৃতিক কৰ্মী অভিজিত দাস,অৱসৰপ্ৰাপ্ত শিক্ষক জ্যোতিষ দাস,যুৱ সমাজকৰ্মী মুকুন্দ বৈশ্য,প্ৰশিক্ষকদ্বয়  দীপনা সৰকাৰ আৰু অনামিকা বৈশ্য ,ছাত্ৰ-ছাত্ৰী আৰু  শুভাকাংক্ষী সকল উপস্থিত থাকে ৷ প্ৰশিক্ষক দীপনা সৰকাৰে জনোৱা মতে আগ্ৰহী শিকাৰু সকলে নাম ভৰ্তিৰ বাবে ৭০০২৬২০৩৫৩ অথবা ৬০০২৬০৯৭৩২ নম্বৰত শীঘ্ৰে যোগাযোগ কৰিব পাৰিব ৷

 

 

  • Related Posts

    Meeting on Financial Assistance for Tea Garden Workers Held in Tamulpur*

    Telegram

    TelegramTweet*Meeting on Financial Assistance for Tea Garden Workers Held in Tamulpur*   _Each worker will be receive ₹5,000_   *Tamulpur, 17 June 2025* : A meeting was convened today at…

    তামুলপুৰৰ শশীপুৰত যোগ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত। 

    Telegram

    TelegramTweetতামুলপুৰৰ শশীপুৰত যোগ প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত।  =======================   কুমাৰীকাটা, ১৭ জুন।   তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত , ড্ৰাগছমুক্ত দৰঙ্গা পৰিচালনা সমিতি, 64 বাহিনী এছএছবিৰ সহযোগত ভাৰত ভূটান সীমান্তৰ শশীপুৰত বিশাল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *