তামুলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগ প্ৰতিযোগিতা*

Telegram

*তামুলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগ প্ৰতিযোগিতা*

 

*তামুলপুৰ, ১৪ জুনঃ*

সমাগত ২১ জুনত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি তামুলপুৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সংস্থা (আয়ুষ)-ৰ উদ্যোগত আজি তামুলপুৰ জিলাৰ বাৰেগাঁওস্থিত শৰণীয়া কছাৰী প্ৰেক্ষাগৃহত জিলাভিত্তিক এখনি যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ যোগ প্ৰতিযোগিতাখিনৰ শুভ উদ্বোধন কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। জিলা আয়ুক্তগৰাকীয়ে কয়— “জীৱন প্ৰক্ৰিয়া চলাবলৈ আমি যোগৰ সহায় ল’ব লাগে। আনকি দেহৰ সঞ্চালন কৰা, দেহ-মন সুস্থ কৰি ৰখাৰ বাবে যোগ অপৰিহাৰ্য ৷ যোগাসনে সদায় দেহ আৰু মনৰ সমন্বয় কঢ়িয়াই আহিছে ৷ ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ ক্ষেত্ৰত যোগাসনো সহায়ক হিচাপে থিয় দিব পাৰে।” তেওঁ পুনৰ কয়— “আমি আমাৰ মগজুৰ ক্ষমতা যোগাসনৰ জৰিয়তে বৃদ্ধি কৰাব পাৰো আৰু আমাৰ সমাজখনো সুস্থিৰ কৰি ৰাখিব পাৰো ৷ সেয়ে আমি যোগাসন নিয়মিতভাৱে কৰিব লাগে। যোগৰ ফলত কিতাপ পঢ়াৰ শক্তি বৃদ্ধি হোৱাৰ লগতে শাৰীৰিক ক্ষমতাও বৃদ্ধি হয়।” আন্তঃৰাষ্ট্ৰীয় যোগাসনৰ লগত সংগতি ৰাখি জিলা প্ৰশাসনে ছাত্ৰ-ছাত্ৰীসকলৰ উপকাৰ হোৱাকৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাৰ বিজয়ীসকলক অহা ২১ জুনত অনুষ্ঠিত হ’বলগীয়া মূল অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ’ব। আজিৰ অনুষ্ঠানত সহকাৰী আয়ুক্ত কবিতা ফাংছ’, স্বাস্থ্য বিষয়া গৌতম মেধি উপস্থিত থকাৰ লগতে প্ৰতিযোগিতাখনিত বিচাৰক হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে— ৰীতা ৰাভা, ৰাজেশ ৰাভা আৰু প্ৰণৱ চক্ৰৱৰ্তীয়ে৷ কস্তুৰৱা গান্ধী বিদ্যালয়ৰ সমন্বয়ক চিন্ময় পাঠকে আঁতধৰা অনুষ্ঠানত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

  • Related Posts

    • Current
    • September 17, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 13 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *