
তামুলপুৰত অব্যাহত নিৰ্বাচনী প্ৰশিক্ষণ
_ষ্ট্ৰং ৰুম পৰিদৰ্শন জিলা নিৰ্বাচনী বিষয়াৰ_
তামুলপুৰ, ১৩ ছেপ্টেম্বৰ, ২০২৫
তামুলপুৰ জিলাৰ বৰনগৰস্থিত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বডোলেণ্ড প্ৰাদেশীয় পৰিষদৰ নিৰ্বাচন উপলক্ষে আজি “ইছ্যু এণ্ড ৰিচিপ্ট চে’ল”-ৰ বিষয়া-কৰ্মচাৰী আৰু ছেক্টৰ-জ’নেল বিষয়াসকলৰ এক প্ৰশিক্ষণ কাৰ্যসূচী
জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীৰ উপস্থিতিত অনুষ্ঠিত হয়। কৰ্মচাৰীসকলক নিৰ্বাচনত প্ৰয়োজন হোৱা সামগ্ৰীসমূহ সংশ্লিষ্ট বিষয়াক কেনেকৈ প্ৰদান কৰিব লাগে আৰু নিৰ্দিষ্ট সময়ত সেইবোৰ কেনেকৈ গ্ৰহণ কৰিব লাগে, এই সন্দৰ্ভত বিতংকৈ প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ সমান্তৰালভাৱে ছেক্টৰ আৰু জ’নেল বিষয়াসকলক পৃথককৈ প্ৰশিক্ষণ দিয়া হয়, য’ত বিশেষকৈ বেলট বক্সৰ ব্যৱহাৰ সন্দৰ্ভত আলোচনা কৰা হয়। জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে তামুলপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত স্থাপন কৰা ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰি সকলো সুবিধা-অসুবিধা আৰু সুৰক্ষা ব্যৱস্থাৰ বুজ লয়।