ঝুমুইৰ নৃত্যৰে অভিলেখ গঢ়িব অসম চৰকাৰ

  • Current
  • January 31, 2025
  • 0 Comments
Telegram

ঝুমুইৰ নৃত্যৰে অভিলেখ গঢ়িব অসম চৰকাৰ

 

বিহুৰ পিছত এইবাৰ ঝুমুইৰ নৃত্য! অসমৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ হিচাপে চৰকাৰে ২৪ ফেব্ৰুৱাৰীত বিশেষ ৰূপত আয়োজন কৰিছে ঝুমুইৰ নৃত্য। বৃহৎ পৰিসৰত অনুষ্ঠিত হ’ব লগা এই কাৰ্যসূচীত নতুন অভিলেখ গঢ়াৰ লক্ষ্য স্থিৰ কৰিছে।

 

বিশেষকৈ, বোকাখাতত আয়োজিত এই বিশেষ কাৰ্যসূচীত অংশ ল’ব ঝুমুইৰ নৃত্যশিল্পীৰ এক বৃহৎ দল। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মাদল বজাই, ঝুমুইৰ নৃত্যত মাত লগাব অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে স্থানীয় শিল্পীৰ সৈতে নৃত্য কৰি সংস্কৃতিৰ প্ৰসাৰ ঘটাব।

 

অসম চৰকাৰে বিগত দিনবোৰত বিহু নৃত্যৰে গিনিজ বুক অভ্ ৰেকৰ্ডসত স্থান লাভ কৰাৰ পিছতে এতিয়া ৰাজ্যিক পৰ্যায়ত অন্য লোকসাংস্কৃতিক নৃত্যসমূহৰ প্ৰসাৰ আৰু সংৰক্ষণৰ দিশত গুৰুত্ব দিছে। এই বিশেষ অনুষ্ঠানেও সেই লক্ষ্যতে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

 

স্থানীয় ৰাইজৰ লগতে অসমৰ সাংস্কৃতিক মহল এই উদ্যোগক আদৰণি জনাইছে।

 

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    অখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”

    Telegram

    TelegramTweetঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”   শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজিৰ দিনটোত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি…

    • Current
    • September 13, 2025
    • 6 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *