জম্মু-কাশ্মীৰত ঢুকি পৰিল ভাৰতীয় সেনা: লস্কৰ-এ-তোইবাৰ শীৰ্ষ কমাণ্ডাৰ হাছিম মুছা এনকাউণ্টাৰত নিহত

Telegram

জম্মু-কাশ্মীৰত ঢুকি পৰিল ভাৰতীয় সেনা: লস্কৰ-এ-তোইবাৰ শীৰ্ষ কমাণ্ডাৰ হাছিম মুছা এনকাউণ্টাৰত নিহত

 

শ্ৰীনগৰ, ২৮ জুলাই:

জম্মু-কাশ্মীৰত ভাৰতীয় সেনাই এক ডাঙৰ সফলতা অৰ্জন কৰিছে। পহেলগাঁও আক্ৰমণৰ মূল চক্ৰান্তকাৰী আৰু লস্কৰ-এ-তোইবাৰ (LeT) শীৰ্ষ কমাণ্ডাৰ হাছিম মুছা আজি শ্ৰীনগৰৰ লিডৱাছ অঞ্চলত হোৱা এখন এনকাউণ্টাৰত নিহত হয়।

 

হাছিম মুছা পূৰ্বে পাকিস্তান সেনাৰ এজন চিপাহী আছিল আৰু তাৰপৰ পৰৱৰ্তী সময়ত লস্কৰ-এ-তোইবাৰ হৈ উত্তৰ কাশ্মীৰত বিভিন্ন সন্ত্রাসবাদী কাৰ্যকলাপত জড়িত আছিল।

 

ভাৰতীয় সেনাৰ গোপন সূত্ৰৰ ভিত্তিত চলোৱা এই বিশেষ অভিযানত মুছা নিহত হয়। তেওঁকে পহেলগাঁও আক্ৰমণৰ লগতে ছোনমাৰ্গ টানেল আক্ৰমণৰো মূল অভিযুক্ত বুলি গণ্য কৰা হৈছিল।

 

এনকাউণ্টাৰৰ সময়ত দুয়োফালৰ মাজত তীব্ৰ গুলীয়াঁহ চলি যায় আৰু শেষত সেনাই মুছাক খতম কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে। সেনাই ইতিমধ্যে অঞ্চলটোত তল্লাচি অভিযান চলাই আছে।

 

সেনাৰ মুখপাত্ৰই কয়, “এই অভিযান হৈছে কাশ্মীৰ উপত্যকাৰ শান্তি পুনৰুদ্ধাৰৰ দিশে এক ডাঙৰ পদক্ষেপ।” লগতে স্থানীয় জনতাক সহায়-সহযোগৰ আহ্বান জনোৱা হৈছে।

 

ছবিৰ উৎস: ভাৰতীয় সেনা / স্থানীয় সংবাদ সূত্ৰ

অধিক তথ্য অচিৰেই।

 

  • Related Posts

    ফেমিনা ইণ্ডিয়াৰ মেগাজিনৰ মুকলি পৃষ্ঠাত স্থান পালে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপান্বিতা কলিতা

    Telegram

    TelegramTweetফেমিনা ইণ্ডিয়াৰ মেগাজিনৰ মুকলি পৃষ্ঠাত স্থান পালে অসমৰ প্ৰথমগৰাকী মহিলা পেৰাট্ৰুপাৰ মেজৰ দ্বীপান্বিতা কলিতা অসমৰ স্বাভিমান! ধেকিয়াজুলিৰ (জিলা – শোণিতপুৰ) গৰ্ব, মেজৰ দ্বীপান্বিতা কলিতাই মহিলা পেৰাট্ৰুপাৰ হিচাপে ইতিহাস গঢ়াৰ পিছত…

    অক্টোবৰত ১৩ হাজাৰ নিযুক্তি, কিন্তু শিক্ষক নিযুক্তিত জটিলতা — দ্বিতীয় CUT OFF তালিকাৰ অপেক্ষাত আবেদনকাৰী

    Telegram

    TelegramTweetঅক্টোবৰত ১৩ হাজাৰ নিযুক্তি, কিন্তু শিক্ষক নিযুক্তিত জটিলতা — দ্বিতীয় CUT OFF তালিকাৰ অপেক্ষাত আবেদনকাৰী   গুৱাহাটী, ৩০ জুলাই, ২০২৫   অসম চৰকাৰে অহা অক্টোবৰৰ ভিতৰত ১৩,000ৰো অধিক পদত নিযুক্তি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *