জটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷ ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷

Telegram

জটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷
ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷

তামুলপুৰঃ১৯ জুনঃ

তামুলপুৰ জিলাৰ কালাকুছি গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱক পুলকেশ দাস (৩৩) ৷ আজি দুৱছৰ ধৰি আক্ৰান্ত হৈ আছে বৃক্কৰ ৰোগত। এটা ব্যাক্তিগত কোম্পানীৰ এগৰাকী সাডাৰন কৰ্মচাৰী হিচাপে কাম কৰি দুখীয়া পৰিয়ালটো পোহপালৰ দায়িত্ব বহনকৰি কৰি আহিছিল যুৱক জনে ৷ দুৰ্ভাগ্যজনক ভাৱে আজি দুবছৰৰ পৰা যুবক গৰাকী বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰি হাবাঠুৰি খাব লগা হৈছে ৷ চিকিৎসাৰ নামত আৰ্থিকভাৱে দুৰ্বল পৰিয়াল টো এতিয়া চিকিৎসাৰ নামত সৰ্বশ্ৰান্ত হৈ পৰিছে ৷ যুবক গৰাকীৰ ব্যায় বহুল চিকিৎসা সেৱাত এতিয়া পৰিয়ালটো দিকবিদিক হেৰুৱাৰ উপক্ৰম হৈছে ৷ ইতিমধ্যেই বৃক্ক ৰোগত আক্ৰান্ত হৈ অতি কষ্টকৰ জীৱন অতিবাহিত কৰি গুৱাহাটীৰ এখন ব্যাক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ দুখীয়া পৰিয়লটো যুবক জনৰ ব্যায়বহুল চিকিৎসা সেৱা আগবঢ়াবলৈ দুখীয়া পৰিয়ালটো সম্প্ৰতি অপাৰগ ৷ আনহাতে চিকিৎসক পৰামৰ্শমতে শীঘ্ৰেই যুবক গৰাকীৰ বৃক্ক সংৰোপন জৰুৰীী হৈ পৰিছে ৷ সেয়ে দুখীয়া পৰিয়ৰলটোৰ হৈ পত্নী নমিতা দাসে ৰাইজৰলৈ এটি বিনম্ৰ অনুৰোধ স্বামীৰ ব্যায়বহুল চিকিৎসা সেৱা যাতে আগবঢ়াই নিব পাৰে আৰশ স্বামীৰ জীৱন পুনৰুদ্ধাৰ কৰিব পাৰে তাৰ বাবে সদাশয় লোকে কিছু আৰ্থিক সহায় বিচাৰিছে ৷ ৰাইজৰ এই সহায়কনে হয়তে কালাকুছি দুখীয়া পৰিয়াল টোৱে কিছু সকাহ পাব ৷ সেয়ে সদাশয় যি সকল লোকে সহায় কৰিব খোজে সেই সকল লোকে ভাৰতীয় ষ্টেট বেংকৰ তামুলপুৰ শাখাৰ একাউণ্ট নং ৩৬৫১৯৫৬০৯২৩ চি আই এফ চি কোড -৮৯৬১৩৯৮৮১৯৬; ভ্ৰাম্যভাষ নং ৬০০২৬০১০৫১. ৰ জৰিয়তে সহায় কৰিব পাৰে ৷

  • Related Posts

    • Current
    • September 16, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *