ছয়গাঁৱৰ গুমীত বিধ্বংসী অগ্নিকাণ্ড, ১০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ৷

  • Current
  • December 30, 2024
  • 0 Comments
Telegram

ছয়গাঁৱৰ গুমীত বিধ্বংসী অগ্নিকাণ্ড, ১০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ৷

 

কামৰূপ জিলাৰ ছয়গাঁৱৰ গুমী চাহাৰীত আজি নিশা এক বিধ্বংসী অগ্নিকাণ্ডত ১০ খন ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ যায়। স্থানীয় সময় প্ৰায় ১.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বৰ্তমানলৈকে অগ্নিকাণ্ডৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক কৰ্টচাৰ্কিটৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয়সকলে।

 

জুইৰ জ্বৰাল জ্বলনিৰ ফলত সমগ্ৰ এলেকাত আতংকৰ পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়, কিন্তু ইতিমধ্যে বহু মূল্যবান সম্পত্তি ধ্বংস হৈ যায়।

 

ক্ষতিগ্ৰস্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ মাজত দৈনন্দিন ব্যৱসায় কৰা দোকান, মুদীৰ দোকান, কাপোৰৰ দোকান আৰু চাহৰ ষ্টলো আছিল। প্ৰাৰম্ভিক ভাবে প্ৰায় লাখ টকীয়া ক্ষয়ক্ষতিৰ আঁচ কৰা হৈছে। যদিও সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোকহানি হোৱা নাই।

 

স্থানীয় ৰাইজে শীঘ্ৰে ক্ষতিপূৰণ আৰু ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে। জুইৰ সঠিক কাৰণ অনুসন্ধানৰ বাবে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বিভাগৰ পৰা এক তদন্ত আৰম্ভ কৰা হৈছে।

 

এই দুৰ্ঘটনাই ছয়গাঁৱৰ গুমী চাহাৰীৰ ব্যৱসায়ীক পৰিৱেশত গভীৰ প্ৰভাৱ পেলাইছে।

 

  • Related Posts

    • Current
    • June 19, 2025
    • 8 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 7 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *