ছয়গাঁৱৰ গুমীত বিধ্বংসী অগ্নিকাণ্ড, ১০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান জুইত জাহ৷
জুইৰ জ্বৰাল জ্বলনিৰ ফলত সমগ্ৰ এলেকাত আতংকৰ পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়, কিন্তু ইতিমধ্যে বহু মূল্যবান সম্পত্তি ধ্বংস হৈ যায়।
স্থানীয় ৰাইজে শীঘ্ৰে ক্ষতিপূৰণ আৰু ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে। জুইৰ সঠিক কাৰণ অনুসন্ধানৰ বাবে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বিভাগৰ পৰা এক তদন্ত আৰম্ভ কৰা হৈছে।
এই দুৰ্ঘটনাই ছয়গাঁৱৰ গুমী চাহাৰীৰ ব্যৱসায়ীক পৰিৱেশত গভীৰ প্ৰভাৱ পেলাইছে।