গৰুৰ অনুপ্ৰৱেশৰ পৰা ৰেলপথ সুৰক্ষিত কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সকলো অংশীদাৰলৈ আহ্বান

Telegram

গৰুৰ অনুপ্ৰৱেশৰ পৰা ৰেলপথ সুৰক্ষিত কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সকলো অংশীদাৰলৈ আহ্বান

 

মালিগাওঁ, ৩০ ডিচেম্বৰ, ২০২৪:

 

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ৰে’লপথত গৰু/পশুৰদূৰ্ঘটনা প্ৰতিহত কৰাৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এনে এক পদক্ষেপ ৰূপে, উত্তৰ পূব সীমান্ত ৰেলৱে স্থানীয় জনসাধাৰণৰ অন্তৰ্ভুক্তিৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ ডিমা হাচাও জিলাৰ৭২ ৰে’লৱে কিলোমিটাৰৰসমীপত লামডিং মণ্ডলৰ অন্তৰ্গত দাওতুহাজাআৰুৱাড্ৰেংডিছা ষ্টেচনৰ মাজত অৱস্থিত ইয়াব্ৰা গাঁৱত স্থানীয় জনসাধাৰণৰ সহযোগতএই সংমণ্ডলৰ ৰে’লপথৰ উভয় দিশত বাঁহৰ বেৰিকেডেৰে সফলভাৱে বেৰ নিৰ্মাণ কৰিছে। এই প্ৰশংসনীয় প্ৰচেষ্টাটো হৈছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ আইপিএফ দলৰ নেতৃত্বত ৰে’ল সুৰক্ষা বাহিনী (আৰপিএফ)ৰ দ্বাৰা পৰিচালিত নিৰন্তৰ সজাগতা কাৰ্যসূচী আৰু আলাপ আলোচনাৰ জৰিয়তে স্থানীয় জনসাধাৰণৰ উৎসাহৰ সৈতে স্বেচ্ছাই নিজৰ ব্যয়েৰে বেৰ নিৰ্মাণ কৰা কাম হাতত লয়।

 

সামূহিক নীতি প্ৰয়োগৰ এই অনন্য উদাহৰণে ৰে’লৱে আৰু স্থানীয় জনসাধাৰণৰ মাজত বিশ্বাস আৰু সহযোগিতা গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। এনে ধৰণৰ প্ৰচেষ্টা বিশেষভাৱে সেই অঞ্চলসমূহত গুৰুত্বপূৰ্ণ য’ত অননুমোদিত ক্ৰছিং আৰু গৰু-মঁহ অনধিকাৰ প্ৰৱেশে ৰে’লৰপৰিচালনা আৰু সুৰক্ষাৰ দিশত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। এই পদ্ধতিটোৱে কেৱল সুৰক্ষাৰ আংশকাসমূহেই সমাধান কৰাই নহয়,অন্যান্য অঞ্চলসমূহৰ বাবেও এক উদাহৰণস্বৰূপ। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ নেটৱৰ্কৰ সৈতে থকা অন্যান্য গাওঁসমূহক ৰে’ল পৰিচালনৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে সহযোগিতাৰ এই আৰ্হিঅনুকৰণ কৰিবলৈ আহ্বান জনাইছে। এনেদৰে উত্তৰ পূব সীমান্ত ৰেলৱেইৰাইজৰ দ্বাৰা পৰিচালিত কৌশলৰ জৰিয়তে সুৰক্ষাৰ বৃদ্ধি আৰু স্থানীয় জনসাধাৰণৰ সৈতে সম্পৰ্ক শক্তিশালীভাৱেগঢ়ি তোলাৰ দিশত সদায় প্ৰতিজ্ঞাবদ্ধ হৈ আছে।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *