
গোৰেশ্বৰ খেল মহাৰণ ২.০ ত কেবিনেট মন্ত্রী নন্দিতা গাৰ্লোছা
গোৰেশ্বৰ-১৭ডিচেম্বৰঃ
গোৰেশ্বৰত খেল মহাৰণ-২.০ প্ৰতিযোগিতা শুভ উদ্বোধন
গোৰেশ্বৰ বিধানসভা ভিত্তিত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অসমৰ কেবিনেট মন্ত্রী নন্দিতা গাৰ্লোছাই ।
বড়ো জনগোষ্ঠীয় নৃত্য, বিহুনৃত্যৰে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শুভৰাম্ভ হয় অনুষ্ঠানৰ
অনুষ্ঠানত অসম খেল বিভাগৰ সঞ্চালক প্ৰদীপ টিমুঙ , বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী,এমচিএলএ পবিত্র কুমাৰ বড়ো, তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, জিলা আৰক্ষী অধীক্ষক আৰু গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া মানসজ্যোতি বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।