
গোৰেশ্বৰত শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ
গোৰেশ্বৰ-৪নৱেম্বৰঃ
গুৰুজনাৰ গুনানুকীৰ্তন, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে গোৰেশ্বৰ টেঙাঝাৰৰ *শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ* ত ।
২ নৱেম্বৰৰপৰা সপ্তাহজোৰাকৈ অনুষ্ঠিত হৈছে এই শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱৰ
সঙ্গীতময় শ্ৰীমদ্ভাগৱত কথা প্ৰচাৰ সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰবাসী ৰাইজৰ আতিথ্যত সপ্তাহব্যাপী অনুষ্ঠিত হৈছে মহোৎসৱটিৰ ।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে তৃতীয় বাৰ্ষিক শ্ৰীমদ্ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱত।
গোৰেশ্বৰৰ টেঙাঝাৰস্থিত শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰত অনুষ্ঠিত মহোৎসৱত ভক্তৰ হৰিধ্বনিৰে মুখৰিত হৈছে গোৰেশ্বৰ টেঙাঝাৰৰ আকাশ বতাহ।
শদিয়াৰপৰা ধুবুৰীলৈকে থকা ভক্তত বৈষ্ণৱসকলৰ আগমনে উৎসাহিত কৰিছে শ্ৰী শ্ৰী উত্তৰ বেতনা শংকৰদেৱ সত্ৰবাসীক ।
সত্ৰাধিকাৰ ৰিজু পাঠক প্ৰভূজনায়ো ভক্তগনক আদৰণি জনোৱাৰ লগতে দূৰ দুৰণিৰ পৰা অহা ভকত বৈষ্ণৱক শলাগ লয়।