খেল মহাৰণ ২.০ৰ সমষ্টিভিত্তিক প্ৰতিযোগিতাৰ বাবে তামুলপুৰ জিলা প্ৰশাসন সাজু।

Telegram

খেল মহাৰণ ২.০ৰ সমষ্টিভিত্তিক প্ৰতিযোগিতাৰ বাবে তামুলপুৰ জিলা প্ৰশাসন সাজু।

 

*তামুলপুৰ, ৮ ডিচেম্বৰ, ২০২৪* : আজি তামুলপুৰ জিলাত খেল মহাৰণ ২.০ৰ ভিচিডিচি পৰ্যায়ৰ খেল প্ৰতিযোগিতাৰ সামৰণি পৰাৰ পাছত জিলাখনৰ দুয়োটা বিধানসভা সমষ্টিত সমষ্টিভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী স্বাক্ষৰিত এটা বিবৃতিত প্ৰকাশ যে অহা ১০ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ তামুলপুৰ বিধানসভা সমষ্টিত আৰু ১৭ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ গোৰেশ্বৰ বিধানসভা সমষ্টিত ৫দিনীয়াকৈ, মুঠ ১০ দিন এই খেল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিদিনে প্ৰতিযোগিতাসমূহ দুখনকৈ খেলপথাৰত অনুষ্ঠিত হ’ব। তদুপলক্ষে ১০ ডিচেম্বৰত তামুলপুৰ জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এথলেটিকছ আৰু কাবাদী (ল’ৰা-ছোৱালী); কচুবাৰী হাইস্কুল খেলপথাৰত ১৭ বছৰ ঊৰ্ধ্বৰ ল’ৰাৰ ফুটবল; ১১ ডিচেম্বৰতো তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এথলেটিকছ আৰু কাবাদী; কচুবাৰী হাইস্কুল খেলপথাৰত ১৭ বছৰ অনূৰ্ধ্বৰ ল’ৰাৰ ফুটবল; ১২ ডিচেম্বৰত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কাবাদী, দবা, ভলীবল আৰু ফুটবল; কচুবাৰী হাইস্কুল খেলপথাৰত দুয়োটা শাখাৰ ফুটবলৰ চূড়ান্ত প্ৰতিযোগিতা; ১৩ ডিচেম্বৰত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চাইক্লিং (ল’ৰা-ছোৱালী) আৰু ফুটবল; কচুবাৰী হাইস্কুল খেলপথাৰত ১৭ বছৰ অনূৰ্ধ্ব ছোৱালীৰ ফুটবল প্ৰতিযোগিতা; আৰু ১৪ ডিচেম্বৰত বাকী থকা খেলসমুহ অনুষ্ঠিত হ’ব। আনহাতে ১৭ ডিচেম্বৰত গোৰেশ্বৰ মিনি ৰুৰেল ষ্টেডিয়ামত এথলেটিকছ আৰু কাবাদী (ল’ৰা-ছোৱালী); গোৰেশ্বৰ হাইস্কুল খেলপথাৰত ১৭ বছৰ ঊৰ্ধ্বৰ ল’ৰাৰ ফুটবল প্ৰতিযোগিতা; ১৮ ডিচেম্বৰতো গোৰেশ্বৰ মিনি ৰুৰেল ষ্টেডিয়ামত এথলেটিকছ আৰু কাবাদী (ল’ৰা-ছোৱালী); গোৰেশ্বৰ হাইস্কুল খেলপথাৰত ১৭ বছৰ অনূৰ্ধ্ব ল’ৰাৰ ফুটবল প্ৰতিযোগিতা; ১৯ ডিচেম্বৰত গোৰেশ্বৰ মিনি ৰুৰেল ষ্টেডিয়ামত কাবাদী (ল’ৰা-ছোৱালী), দবা, ভলীবল, ফুটবল; গোৰেশ্বৰ হাইস্কুল খেলপথাৰত দুয়োটা শাখাৰ চূড়ান্ত ফুটবল প্ৰতিযোগিতা; ২০ ডিচেম্বৰত গোৰেশ্বৰ মিনি ৰুৰেল ষ্টেডিয়ামত চাইক্লিং (ল’ৰা-ছোৱালী), ফুটবল; গোৰেশ্বৰ হাইস্কুল খেলপথাৰত ১৭ বছৰ অনূৰ্ধ্বৰ ছোৱালীৰ ফুটবল প্ৰতিযোগিতা; আৰু ২১ ডিচেম্বৰত বাকী থকা প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। উল্লেখ্য যে ভিচিডিচি পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাসমূহৰ বিজয়ী খেলুৱৈসকলেহে সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

  • Related Posts

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    তামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা

    Telegram

    TelegramTweetতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা তামুলপুৰ, ১৬ ছেপ্টেম্বৰঃ   আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগুৰ উপস্থিতিত নিৰ্বাচনী ব্যয় সম্পৰ্কীয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *