কেওট সম্প্ৰদায়ৰ সাংবিধানিক সুৰক্ষাৰ দাবীত সদৌ অসম কেওট জাতীয় পৰিষদ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান ।

  • Current
  • August 16, 2025
  • 0 Comments
Telegram

কেওট সম্প্ৰদায়ৰ সাংবিধানিক সুৰক্ষাৰ দাবীত সদৌ অসম কেওট জাতীয় পৰিষদ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান ।

 

তামুলপুৰ, ১৬ আগষ্টঃ

 

অসমৰ কেওট সম্প্ৰদায়ৰ সাংবিধানিক সুৰক্ষাৰ দাবীত আজি সদৌ অসম কেওট জাতীয় পৰিষদ তামুলপুৰ জিলা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাক উদ্দেশ্য কৰি এক গুৰুত্বপূর্ণ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। এই স্মাৰক পত্ৰ তামুলপুৰ জিলা আয়ুক্ত জৰিয়তে দিশপুৰত মুখ্যমন্ত্ৰীৰ ওচৰলৈ প্ৰেৰণ কৰা হয়।

 

সংগঠনটোৱে জনায় যে – অসমৰ বিভিন্ন প্রান্তত বিস্তৃত কেওট জনগোষ্ঠী অসমৰ সামাজিক আৰু জাতীয় জীৱনত বিশেষ অৱদান আগবঢ়াই আহিছে। হালোৱা বা হালৈ কেওট, জালৈ কেওট, কুমাৰ কেওট, তাঁতী কেওট, সোণাৰী কেওট, পটিয়া কেওট, মুদৈ কেওট, মালী কেওট, চমাৰ কেওট, হীৰা কেওট, মৰিয়া কেওট, ধোবী কেওট, মেটৰ কেওট আৰু কৈৱৰ্ত কেওট প্রভৃতি শাখা মিলি এই জনগোষ্ঠী গঢ়ি উঠিছে।

 

তেওঁলোকৰ অভিযোগ অনুসৰি – অসম চৰকাৰে কেওটৰ কেইটামান শাখাক অনুসূচিত জাতিৰ মৰ্যাদা দিলেও হালোৱা বা হালৈ কেওট আৰু কেইবাখনো শাখা এতিয়াও বঞ্চিত হৈ আছে। সংগঠনটোৱে দুখ প্ৰকাশ কৰি কয় যে “বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কেওট সকলে যথেষ্ট অবদান আগবঢ়াইছে, তথাপিও আজিও এই জনগোষ্ঠীটো শোষিত আৰু অৱহেলিত হৈ আছে।”

 

স্মাৰক পত্ৰখনত সংগঠনটোৱে আশা প্ৰকাশ কৰিছে যে – মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই দাবীসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰি উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব।

 

উক্ত স্মাৰক পত্ৰত স্বাক্ষৰ কৰে সংগঠনটোৰ সভাপতি শ্ৰীবাবুল পাটোৱাৰী আৰু প্ৰধান সম্পাদক শ্ৰী ডিম্বেশ্বৰ ডেকা।

 

স্মাৰক পত্ৰখনত তোলা দাবীসমূহ হ’ল –

১) এক দেশ এক নীতি অনুসৰি বাদ পৰি থকা সকলো কেওটক অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা।

২) কেওট জনগোষ্ঠীক স্বনিৰ্ভৰশীল কৰিবলৈ কুটীৰ শিল্পৰ প্রশিক্ষণ আৰু ৰেহাই মূল্যৰ ঋণৰ ব্যৱস্থা।

৩) শিক্ষাৰ্থে প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ তথা চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষালয়লৈকে ৩০% আসন সংৰক্ষণ।

৪) স্বাধীনতা সংগ্রামী বীৰাঙ্গনা কনকলতা বৰুৱাৰ নামেৰে তামুলপুৰত চৰকাৰী ভূমি দান কৰি “কনকলতা ভৱন” নিৰ্মাণ।

৫) কনকলতা বৰুৱাৰ নামত ৰাষ্ট্ৰীয় বঁটা প্ৰদান।

৬) বি.টি.আৰত ভূমি সমস্যাৰ সমাধান আৰু চৰকাৰী নিগম, নিকায় আৰু ভি.চি.ডি.চি.ত কেওটৰ প্ৰতিনিধি নিয়োগ।

  • Related Posts

    • Current
    • September 11, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ

    Telegram

    TelegramTweetতামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ     তামুলপুৰ,১১ ছেপ্টেম্বৰঃ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত কালি নিশা ধুবুৰী জিলাৰ গোলোকগঞ্জত আক্ৰাছুৰ উদ্যোগত…

    • Current
    • September 11, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা

    Telegram

    TelegramTweetতামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা   তামুলপুৰ,১২ ছেপ্তেম্বৰ-   তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনষ্ঠ তিনি গৰাকী অৱসৰী গাঁও প্ৰধানক কালি আনুস্থানিক ভাৱে বিদায়় সম্বৰ্ধনা জনোৱা হয় ৷ তামুলপুৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *