
কুমাৰীকাটাত কৃষিবিভাগৰ উদ্যোগত কৃষি সজুঁলি বিতৰণ।
তামুলপুৰ, ২০ মাৰ্চঃ
তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰত আজি তামুলপুৰ মহকুমা কৃষিবিভাগৰ উদ্যোগত কেইবাগৰাকীও কৃষকক কৃষি সজুঁলি বিতৰণ কৰা হয়। বিশেষকৈ বন আইনৰ অধীনত মাতিৰ পট্টা পোৱা লোক সকলক দাজুগা আঁচনিৰ অধীনত কৃষি সজুঁলি বিতৰণ কৰা হয়। তদুপলক্ষে আয়োজিত সাধাৰণ সভাত আনুষ্ঠানিকভাৱে কেইবাগৰাকীও পুৰুষ আৰু মহিলা কৃষকক মালচিং পেপাৰ আৰু মাকৈৰ বীজ বিতৰণ কৰা হয়। তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী উপস্থিত থকা আজিৰ এই কাৰ্যসূচীত ৩৪ গৰাকী কৃষকক পাৱাৰ টেইলৰ, পাৱাৰ ওৱেদাৰ আৰু পাৱাৰ থ্ৰেচাৰ বিতৰণ কৰা হয়। উক্ত সামগ্ৰী সমূহৰ ৯০ শতাংশ কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহাৰ্য্য কোষৰ পৰা কৃষিবিভাগে পৰিশোধ কৰাৰ বিপৰীতে কৃষকসকলে কেবল ১০ শতাংশহে পৰিশোধ কৰিব লাগিব বুলি তামুলপুৰ মহকুমা কৃষি বিষয়া নিৰোদ নাথে জানিবলৈ দিয়ে। আজিৰ এই কাৰ্যসূচীত তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত লখিমী দত্ত, কৃষি উন্নয়ন বিষয়া ভনিতা বৰুৱা, কাৰ্যবাহী অভিযন্তা অমল দত্ত, কৃষি সম্প্ৰসাৰণ বিষয়া ইমানুৱেল মুৰ্মু, নেলছন মুছাহাৰী, দৰঙাজুলি পৰিষদীয় সমষ্টিৰ সভাপতি ৰাফেল দৈমাৰী, টিচিএলচিচিৰ অধ্যক্ষ ফনীন্দ্ৰ নাৰ্জাৰীসহ কৃষক সকল তথা তামুলপুৰ মহকুমা কৃষিবিভাগৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত আছিল।###