
কালিৰাম দাস সমন্বয় ক্ষেত্ৰত শ্ৰী হৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী উদযাপন আৰম্ভ
জয়ন্তী উদযাপন প্ৰসঙ্গত, তিনিলক্ষ টকাৰ ব্যয়েৰে নামঘৰৰ আধাৰশিলা স্থাপন কৰি কাৰ্যসূচী আৰম্ভ কৰা হয়। এই শুভ মুহূৰ্তই নামঘৰৰ উন্নয়ন আৰু ভক্তি-পূৰ্ণ পৰিৱেশৰ সৃষ্টিত এক নতুন দিশ সৃষ্টি কৰিছে।
জয়ন্তী উপলক্ষে বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য’ত দিহা নাম প্ৰতিযোগিতাৰ লগতে হৰিকীৰ্তন, ধর্মীয় আলোকপাত, আৰু অন্যান্য অনুষ্ঠানসমূহ অন্তৰ্ভুক্ত। তিনিদিন ধৰি হৰি ভক্তিয়ে মুখৰিত হৈ থাকিব সমন্বয় ক্ষেত্ৰ।
শ্ৰী হৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তীৰ এই আয়োজন ধর্মীয় আৰু সামাজিক ক্ষেত্ৰত এক দিশা-প্ৰদৰ্শক পদক্ষেপ হৈ ৰ’ব বুলি বিশ্বাস কৰা হৈছে।