
ওদালগুৰি জিলাৰ ডিমাকুছি *দৈমু নগৰৰ ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলীৰ প্ৰদৰ্শনী মুকলি*
*ডিমাকুছিৰ বড়ো সাহিত্য সভাৰ অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ।*
*বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত বিভিন্ন প্ৰদৰ্শনী, বাণিজ্যিক মেলাৰ আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি শুভাৰম্ভণি কৰিলে পৱিত্ৰ মাৰ্ঘেৰিটাই।*
*আজিৰে পৰা উদুলি-মুদুলি হৈ পৰিল ডিমাকুছিৰ দৈমু নগৰৰ সাহিত্য সভাৰ অধিৱেশনস্থলী , বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেৰে সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হ’ল দৈমু নগৰ ।*
*আজি বিভিন্ন ধৰণৰ প্ৰদৰ্শনী , বাণিজ্য মেলা , গ্ৰন্থ মেলাৰ ৰঙা ফিটা কাটি দ্বাৰ উন্মোচন কৰি বৈদেশিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয় যে হিমালয়ৰ পাদদেশত অৱস্থিত বড়োলেণ্ড হৈছে ভাৰতৰ আটাইতকৈ জনপ্ৰিয় শান্তিপূৰ্ণ ঠাই , য’ত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেৰে সম্প্ৰীতিৰ এনাজৰীডাল বান্ধোনত ৰাখি বছৰ-বছৰ ধৰি চলি আহিছে।*
*৯ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ দৈমু নগৰত দৈনিক হাজাৰ-হাজাৰ লোকৰ সমাৱেশ ঘটিব।*
*৯ জানুৱাৰীত জিলা সাহিত্য সভাৰ অধিৱেশন , ১০ , ১১ আৰু ১২ জানুৱাৰীত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় সমিতিৰ বড়ো সাহিত্য সভাৰ সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী।*
*ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও নেপাল , মেঘালয় , ম্যানমাৰ , বাংলাদেশ , ইন্দোনেছিয়াকে ধৰি বহু দেশ-বিদেশৰ জাতি-জনগোষ্ঠীৰ লোকক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে উদযাপন সমিতি ।*
*ডিমাকুছিৰ দৈমু নগৰত ৯ ৰ পৰা ১২ জানুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভা অধিৱেশন সাহিত্যানুৰাগী ৰাইজক আদৰিবলৈ দিনে-নিশাই চলিছে ব্যাপক প্ৰস্তুতি , কেৱল উদযাপন সমিতিয়ে নহয় অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে আনন্দত আত্মহাৰা হৈ পৰিছে ৷*
*প্ৰায় ৩ কোটি টকাৰ বাজেটেৰে ৫০০ শ বিঘাৰো অধিক মাটিৰ মুকলি পথাৰত প্ৰতিদিনে ৫০ হাজাৰ লোকক আদৰিবলৈ সাজু হৈ উঠিছে উদযাপন সমিতি।*
*অধিৱেশনথলীত গ্ৰন্থমেলা , প্ৰদৰ্শনীস্থলী , সাহিত্য আলোচনা , থলুৱা খাদ্যৰই বিপনী , প্ৰতিনিধি শিবিৰ , বাণিজ্য মেলা , বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য গীত প্ৰদৰ্শনৰ বৃহৎ-বৃহৎ পেণ্ডেল, মূল তোৰণ সকলো বড়ো জনগোষ্ঠীৰ সৰু-ডাঙৰ পুৰুষ-মহিলা, যুৱক-যুৱতী দল-সংগঠন সকলোকে একতাৰে বান্ধি ৰখা কেঁকোৰা (শুভংকৰ ) হৈছে বিশেষ আকৰ্ষণ ।*
*বড়ো সাহিত্য সভাক লৈ ডিমাকুছিৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সকলোবোৰ ৰাইজৰে এতিয়া ব্যস্ততাৰ সীমা নোহোৱা হৈ পৰিছে ।*
*ডিমাকুছি অঞ্চলত এক নান্দনিক পৰিৱেশেৰে বিৰাজমান কৰি তুলিছে দৈমু নগৰৰ বড়ো সাহিত্য সভাৰ সভাস্থলী । দিনে-নিশাই এফালৰপৰা পৰ্যবেক্ষণ কৰি বড়ো সাহিত্য সভা অধিবেশনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ ল’লে বিধানসভাৰ অধ্যক্ষ তথা আদৰণী সমিতিৰ সভাপতি বিশ্বজিৎ দৈমাৰীয়ে ।*
*বড়ো সাহিত্য সভাৰ সাংস্কৃতিক সন্ধিয়াৰ উপৰিও বড়ো লোক সমাজৰ গ্ৰাম্য জীৱনৰ এখন পৰম্পৰাগত নিখুত প্ৰতিচ্ছৱি ৰাইজৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস চলাইছে আদৰণি সমিতিয়ে ৷ গ্ৰাম্য সমাজত আধুনিকতাৰ পৰশ পৰাৰ পূৰ্বে বড়ো লোক সকলে এখন ঘৰ কিদৰে সজাই ৰাখিছিল সেয়া বৰ্তমান প্ৰজন্মই স্বচক্ষে প্ৰত্যক্ষ কৰিব পাৰিব ৷*
*৯ জানুৱাৰীত বড়ো সাহিত্য সভাৰ মুখ্য দ্বাৰৰ শুভ উদ্বোধনী কৰিব বিধানসভাৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সভাপতি বিশ্বজিৎ দৈমাৰীয়ে । অৱশ্যে ৯ জানুৱাৰীৰ পৰা সাহিত্য সভা হ’লেও আজিৰ পৰাই সকলো ধৰণৰ প্ৰদৰ্শনী , বাণিজ্যিক মেলা , গ্ৰন্থমেলা সকলোৰে শুভাৰম্ভণি কৰিব ।*
*বড়ো সাহিত্য সভাত অসম তথা চুবুৰীয়া ৰাজ্য চিকিম , নেপাল , মণিপুৰ, মিজোৰামৰ উপৰিও বিভিন্ন দেশ-বিদেশৰ পৰা উপস্থিত থাকিব বড়ো মূলীয় জনগোষ্ঠীৰ লোক সকল । বড়ো সাহিত্য সভাৰ ১১ জানুৱাৰীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , ধৰ্মেন্দ প্ৰধান । ১২ জানুৱাৰীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক কেবিনেট মন্ত্ৰী বিধায়ক , সাংসদ ৰাজ্যপাল উপস্থিত থাকিব ।*
*খেৰাই, বাগুৰুম্বা, বৰদৈচিখলা , বিহু নৃত্যৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য গীতেৰে মুখৰিত হৈ পৰিব দৈমু নগৰ । সাংস্কৃতিক সন্ধিয়াত বহুকেইগৰাকী জনপ্ৰিয় শিল্পীৰ উপৰিও স্থানীয় শিল্পী সকলে গীত পৰিৱেশন কৰিব ।