উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ‘ইট ৰাইট ষ্টেচন’ আৰু ‘ইট ৰাইট কেম্পাছ’ পদক্ষেপৰ অংশ হিচাপে আলিপুৰদুৱাৰত এফঅ’এছটিএচি প্ৰশিক্ষণ শিবিৰৰ আয়োজন 

Telegram

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ‘ইট ৰাইট ষ্টেচন’ আৰু ‘ইট ৰাইট কেম্পাছ’ পদক্ষেপৰ অংশ হিচাপে আলিপুৰদুৱাৰত এফঅ’এছটিএচি প্ৰশিক্ষণ শিবিৰৰ আয়োজন 

মালিগাঁও, ১৭ আগষ্ট, ২০২৫:

 

উত্তৰ-পূব সীমান্ত ৰেলৱেই ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণ(এফএছএছএআই)ৰ অধীনত ‘ইট ৰাইট ষ্টেচন’ আৰু ‘ইট ৰাইট কেম্পাছ’ প্ৰমাণীকৰণৰ বাবে ইয়াৰ প্ৰস্তুতিপৰ্ব বৃদ্ধিৰ উদ্দেশ্যে আগষ্ট ২০২৫ মাহৰ দ্বিতীয় সপ্তাহত আলিপুৰদুৱাৰ (এপিডিজে) মাণ্ডলিক ৰেলৱে চিকিৎসালয়ত এক খাদ্য সুৰক্ষা প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণ (এফঅ’এছটিএচি) কাৰ্যসূচীৰ আয়োজন কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী এফঅ’এছটিএচি প্ৰশিক্ষক কুমাৰী দেবাৰতী কুণ্ডুৰ দ্বাৰা পৰিচালনা কৰা হয়, য’ত এফএছএছএআইৰ লেখা নিৰীক্ষক শ্ৰীমতী কল্পনা প্ৰজাপতিয়ে কাৰিকৰী সাহাৰ্য প্ৰদান কৰে। ইউনিমডেল ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত আৰু মেৰিকো লিমিটেডৰ দ্বাৰা সমৰ্থিত এই প্ৰশিক্ষণত আলিপুৰদুৱাৰ মণ্ডলৰ অধীনস্থ ষ্টেচনসমূহৰ খাদ্য নিয়ন্ত্ৰক, জোনেল প্ৰশিক্ষণ কেন্দ্ৰ, আলিপুৰদুৱাৰ চিকিৎসালয়ৰ ৰান্ধনীশালৰ কৰ্মচাৰী আৰু স্বাস্থ্য বিষয়াবৰ্গই অংশগ্ৰহণ কৰে, য’ত ডাঃ জিবেশ কুমাৰ সৰকাৰ (এচিএমএছ/আলিপুৰদুৱাৰ), ডাঃ সুমিত প্ৰিয়দৰ্শী (ছিনিয়ৰ ডিএমঅ’/ আলিপুৰদুৱাৰ), শ্ৰী হেমন্ত কুমাৰ কানৌজিয়া (এএইচঅ’/মুখ্য কাৰ্যালয়/মালিগাঁও), শ্ৰী দীপাংকৰ দে (খাদ্য সুৰক্ষা বিষয়া/আলিপুৰদুৱাৰ), শ্ৰীমতী ৰীনা পাল (সহকাৰী নাৰ্ছিং বিষয়া/আলিপুৰদুৱাৰ) আৰু শ্ৰী অলক নন্দন সিঙে (এএইচঅ’/আলিপুৰদুৱাৰ) অংশগ্ৰহণ কৰে।

এফঅ’এছটিএচি প্ৰশিক্ষণ হৈছে ‘ইট ৰাইট ষ্টেচন’ প্ৰমাণীকৰণ লাভৰ বাবে এক প্ৰধান পূৰ্বচৰ্ত, য’ত এফএছএছএআই নিৰ্দেশিকা অনুসৰি প্ৰাক-লেখা পৰীক্ষণ আৰু তৃতীয় পক্ষৰ চূড়ান্ত লেখা পৰীক্ষণ অন্তৰ্ভুক্ত থাকে। উত্তৰ-পূব সীমান্ত ৰেলৱেই অবিৰতভাৱে ইয়াৰ প্ৰমাণীকৃত ষ্টেচনৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আহিছে, ২০২৩ চনৰ জুন মাহত গুৱাহাটীয়ে এই সংমণ্ডলত প্ৰথম স্থান লাভ কৰাৰ পিছতে বিগত কেইবছৰমানৰ পৰা লামডিং, হৰিশ্চন্দ্ৰপুৰ, নিউ বঙাইগাঁও, নিউ জলপাইগুড়ী, ৰঙিয়া, মৰিয়নী, সামসী, কামাখ্যা আৰু নিউ তিনিচুকীয়াই স্থান লাভ কৰে। প্ৰতিটো প্ৰমাণপত্ৰই সেই ষ্টেচনসমূহক স্বীকৃতি প্ৰদান কৰে, যি লাইচেন্সপ্ৰাপ্ত ভেণ্ডৰ আৰু প্ৰশিক্ষিত খাদ্য সুৰক্ষা পৰিদৰ্শকৰ জৰিয়তে সুৰক্ষিত, স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ খাদ্য উপলব্ধ কৰে।

এই ধৰণৰ পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱেই অধিক ষ্টেচন আৰু প্ৰাতিষ্ঠানিক পৰিসৰক ‘ইট ৰাইট’ৰ পৃষ্ঠপোষকতাৰ অধীনলৈ আনি এই অঞ্চলৰ ভিতৰত উন্নত যাত্ৰী সেৱা আৰু স্বাস্থ্যসন্মত খাদ্য পৰিৱেশ নিশ্চিত কৰাৰ লক্ষ্য ৰাখিছে। ‘ইট ৰাইট ষ্টেচন’ আৰু ‘ইট ৰাইট কেম্পাছ’ কাৰ্যসূচী ৰাষ্ট্ৰীয় “ইট ৰাইট ইণ্ডিয়া” অভিযানৰ সৈতে সংগতি ৰাখে, যিয়ে ৰাজহুৱা স্থানত খাদ্য সুৰক্ষা, স্বাস্থ্যবিধি আৰু পৰিপুষ্টিৰ প্ৰসাৰ কৰে। আলিপুৰদুৱাৰৰ প্ৰশিক্ষণে উত্তৰ-পূব ভাৰতৰ ৰেল ব্যৱহাৰকাৰীসকলৰ বাবে বিস্তৃত অনুকূলতাৰ প্ৰাপ্তি আৰু সামগ্ৰিক ভ্ৰমণ অভিজ্ঞতা বৃদ্ধিৰ দিশত আন এক পদক্ষেপক চিহ্নিত কৰিছে।

  • Related Posts

    RPF of NFR sizedContraband Items (Ganja) worth above Rs 6.20 Lacs

    Telegram

    TelegramTweetRPF of NFR sizedContraband Items (Ganja) worth above Rs 6.20 Lacs Also apprehended 03 females & one male involved in its Smuggling   Maligaon, 10th September, 2025:   The Railway…

    NFR achieved a 14.1% rise in freight loading

    Telegram

    TelegramTweetNFR achieved a 14.1% rise in freight loading   Maligaon, 9th September, 2025:   Northeast Frontier Railway (NFR) is tirelessly working round the clock to serve its customers and ensure…

    Leave a Reply

    Your email address will not be published. Required fields are marked *