উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বিজ্ঞাপনৰ পৰা নন-ফেয়াৰ ৰাজহত উল্লেখনীয় বৃদ্ধি অৰ্জন 

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বিজ্ঞাপনৰ পৰা নন-ফেয়াৰ ৰাজহত উল্লেখনীয় বৃদ্ধি অৰ্জন 

 

মালিগাওঁ, ১৭ জানুৱাৰী, ২০২৫:

 

উত্তৰ-পূব সীমান্ত ৰে’লৱেই এপ্ৰিলৰ পৰা ডিচেম্বৰ ২০২৪ লৈকে বিভিন্ন উদ্ভাৱনশীল বিজ্ঞাপন পদক্ষেপৰ জৰিয়তে নন-ফেয়াৰ ৰাজহ উৎপাদনৰ ক্ষেত্ৰত প্ৰশংসনীয় অগ্ৰগতি লাভ কৰিছে। অ-পৰিচালনগত উৎসৰ পৰা উপাৰ্জন অনুকূলিত কৰাৰ ওপৰত গুৰুত্ব দি উত্তৰ পূব সীমান্ত ৰেলৱেই সফলতাৰে নিৰ্ধাৰিত লক্ষ্যৰ কৌশলগত ৰূপায়ণ কৰিছে, যি ষ্টেচন চৌহদ আৰু ৰেলসমূহত বিজ্ঞাপনৰ পৰা ওপৰোক্ত সময়ছোৱাত সামগ্ৰিকভাৱে প্ৰায় ৩.৫ কোটি টকা অৰ্জন কৰিছে।

গুৱাহাটী আৰু কামাখ্যাৰ দৰে মুখ্য ষ্টেচনসমূহত ডিজিটেল বিজ্ঞাপনে ব্যৱসায়ীসকলক তেওঁলোকৰ নিৰ্ধাৰিত লক্ষ্যৰ গ্ৰাহকৰ কাষ চাপিবলৈ এক মঞ্চ প্ৰদান কৰাৰ লগতে আকৰ্ষণীয় বিষয়বস্তুৰে যাত্ৰীৰ অভিজ্ঞতা বৃদ্ধি কৰিছে। ইয়াৰ উপৰিও, শিলিগুড়ী মহানগৰ বুকিং অফিচ আৰু নিউ জলপাইগুড়ী আৰু কাটিহাৰ ষ্টেচনৰ বিস্তৃত হৈ থকা এলেকাসমূহৰ স্থানত কৌশলগতভাৱে বিজ্ঞাপন স্থাপন কৰা হৈছে, যাৰ ফলত ৰাজহ অধিক বৃদ্ধি হৈছে। হৰ্ডিং আৰু ফ্লেক্স বোৰ্ডকে ধৰি আউটডৰ বিজ্ঞাপনসমূহ উচ্চ দৃশ্যমানতাৰ স্থানত বিশেষভাৱে স্থাপন কৰা হৈছে।

আউটড’ৰ হৰ্ডিঙৰ পৰা পোৱা ৰাজহে এই সময়ছোৱাত প্ৰায় ১.৮২ কোটি টকা উপাৰ্জনত অৰিহণা যোগাইছে। গুৱাহাটী, নিউ জলপাইগুড়ী, ৰঙিয়া আৰু নিউ বঙাইগাঁও ষ্টেচনৰ দৰে গুৰুত্বপূৰ্ণ স্থানত হৰ্ডিং স্থাপন কৰা হৈছে। চিভক ষ্টেচন সেতু আৰু ডামডিমৰ আন্তঃগাঁথনি থকা কৌশলগত স্থানসমূহেও এই অঞ্চলসমূহৰ উচ্চ দৃশ্যমানতা আৰু যাত্ৰী জনসমাগমৰ সুবিধা লোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পদক্ষেপে ব্ৰেণ্ডসমূহে বৃহৎ সংখ্যক দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ এক ব্যাপক সুযোগ প্ৰদান কৰিছে আৰু একে সময়তে ৰে’লৱেৰ সম্পত্তিৰ মানদণ্ড সৰ্বাধিক কৰিছে।

পৰম্পৰাগত বিজ্ঞাপনৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰেলৱেই ৰেলৰ ডবাত ভিনাইল আৱৰণ আদিৰ দৰে অভিনৱ পদ্ধতি গ্ৰহণ কৰিছে, যি প্ৰায় ১ কোটি টকা ৰাজহ অৰ্জন কৰিছে। ৰেল নং ২২৫০২ (এছএমভিটি-বেংগালুৰু এক্সপ্ৰেছ), গুৱাহাটী-ওখা এক্সপ্ৰেছ (১৫৬৩৬/১৫৬৩৫) আৰু আগৰতলা-কৰিমগঞ্জ ডেমু স্পেচিয়েল (০৭৬৭৯/০৭৬৮০)ৰ দৰে ৰেলসমূহ ব্ৰেণ্ড প্ৰচাৰৰ বাবে মোবাইল প্লেটফৰ্মলৈ ৰূপান্তৰিত কৰি প্ৰাণৱন্ত বিজ্ঞাপন প্ৰদৰ্শন কৰা হৈছে। ইণ্টাৰচিটি এক্সপ্ৰেছ (১৫৭১৩/১৫৭১৪) আৰু শতাব্দী এক্সপ্ৰেছ (১২০৬৭/১২০৬৮) ৰ দৰে ৰেলৰ অন্তৰ্ভাগ আৰু বহিৰ্ভাগ উভয়ৰে বাবে ভিনাইল আৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে, পৰিণামস্বৰূপে ৰেলসমূহে একাধিক অঞ্চল অতিক্ৰম কৰাৰ লগে লগে ব্ৰেণ্ডসমূহক ব্যাপক দৃশ্যমানতা প্ৰদান কৰিবলৈ সক্ষম হয়।

লগতে, ডিজিটেল বিজ্ঞাপন আৰু স্থান-নিৰ্দিষ্ট ঠিকাসমূহেও ৰাজহত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। নিউ জলপাইগুড়ী আৰু গুৱাহাটীৰ দৰে মুখ্য ষ্টেচনৰ ফুট অভাৰব্ৰীজত গ্লো চাইনবোৰ্ড আৰু ডিজিটেল বিজ্ঞাপন স্থাপনেৰে আধুনিকীকৃত বিজ্ঞাপন বিকল্প যুক্ত কৰা হৈছে। আগৰতলা, লামডিং আৰু বঙাইগাঁওৰ দৰে গুৰুত্বপূৰ্ণ ষ্টেচনত বিজ্ঞাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে, যাৰ ফলত ৰে’লৱে স্থানসমূহৰ নিৰন্তৰ মুদ্ৰাকৰণ নিশ্চিত কৰা হৈছে। সেয়েহে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰেলযাত্ৰীৰ বাবে আধুনিকীকৃত বিজ্ঞাপন প্লেটফৰ্মক অধিক উন্নত কৰাৰ বাবে অভিনৱ উপায় অন্বেষণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ পৰিছে।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *