উত্তৰ পূব সীমান্ত ৰেলৱেৰ আৰপিএফৰ দ্বাৰা বিগত মাহত কৰায়ত্ত ১৮ জন অবৈধ প্ৰব্ৰজনকাৰী 

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ আৰপিএফৰ দ্বাৰা বিগত মাহত কৰায়ত্ত ১৮ জন অবৈধ প্ৰব্ৰজনকাৰী 

লগতে উদ্ধাৰ ৯০ গৰাকী নাবালক-নাবালিকা আৰু ০২ গৰাকী মহিলা

 

মালিগাওঁ, ১২ জানুৱাৰী, ২০২৫:

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ২০২৪ চনৰ ডিচেম্বৰ মাহত চলোৱা বিভিন্ন অভিযানত আগৰতলা ৰে’ল ষ্টেচনৰ পৰা ১৮ জন বাংলাদেশী নাগৰিক আৰু ১ জন এজেণ্টক কৰায়ত্ত কৰে। তদুপৰি, উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে উক্ত মাহটোত উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন ষ্টেচনৰ পৰা ৯০ গৰাকী নাবালক-নাবালিকা আৰু ০২ গৰাকী মহিলাক উদ্ধাৰ কৰে। পিছত উদ্ধাৰ কৰা নাবালক-নাবালিকাসকলক সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়।

 

শেহতীয়াকৈ ২২ ডিচেম্বৰ, ২০২৪ তাৰিখে সংঘটিত এক ঘটনাত, আগৰতলাৰ ৰেলৱে সুৰক্ষা বাহিনী আৰু জিআৰপি আৰু এছআইবি/বদৰপুৰ টীমে যুটীয়াভাৱে আগৰতলা ৰেল ষ্টেচনত নিয়মীয়া তালাচী চলায়। তালাচীৰ সময়ত, তেওঁলোকে তিনিজন বাংলাদেশী নাগৰিকক কৰায়ত্ত কৰে। পিছত, তিনিওজন অবৈধ প্ৰব্ৰজনকাৰীক পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়।

 

২০২৪ চনৰ ১৯ ডিচেম্বৰত সংঘটিত আন এটা ঘটনাত গুৱাহাটীৰ আৰপিএফ/এছআইবি টীম আৰু কামাখ্যাৰ আৰপিএফ টীমে কামাখ্যা ৰেল ষ্টেচনত নিয়মীয়া তালাচী চলায়। তালাচীৰ সময়ত, তেওঁলোকে কামাখ্যা ৰেল ষ্টেচনৰ পৰা তিনিজন পলাতক নাবালক-নাবালিকাক উদ্ধাৰ কৰে। পিছত, নাবালক-নাবালিকাসকলৰ ঠিকনা নিশ্চিত কৰাৰ পিছত তেওঁলোকক সুৰক্ষিত জিম্মাৰ বাবে গুৱাহাটীৰ চাইল্ড লাইনৰ হাতত অৰ্পন কৰা হয়। একেদৰে, ২০২৪ চনৰ ২৯ ডিচেম্বৰত সংঘটিত এক ঘটনাত ৰঙাপাৰা নৰ্থৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলে নিয়মীয়া তালাচী চলাই থকা অৱস্থাত তিনিজন পলাতক নাবালক-নাবালিকাক উদ্ধাৰ কৰে। পিছত উদ্ধাৰ কৰা নাবালক-নাবালিকাসকলক সুৰক্ষিত জিম্মাৰ বাবে তেজপুৰৰ চাইল্ড লাইনৰ হাতত গতাই দিয়া হয়।

 

ইয়াতেই উল্লেখ কৰিব পাৰি যে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে জানুৱাৰীৰ পৰা ডিচেম্বৰ, ২০২৪ লৈকে ০৯ জন মানৱ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে ৯০৬ জন নাবালক/নাবালিকা আৰু ৬১ গৰাকী মহিলাক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা নাবালক/নাবালিকাসকলক সংশ্লিষ্ট চাইল্ড লাইন/বেচৰকাৰী সংগঠন, অভিভাৱক আৰু চৰকাৰী ৰে’ল আৰক্ষীৰ হাতত অৰ্পন কৰা হয়। তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে এই সময়ছোৱাত ৩০০ ৰো অধিক অবৈধ প্ৰব্ৰজনকাৰীকো কৰায়ত্ত কৰে। 

 

ষ্টেচন আৰু ৰেলত নিয়োজিত আৰপিএফ জোৱানসকল সদায় সতৰ্ক হৈ থকাৰ লগতে সীমান্ত অঞ্চলৰ পৰা অবৈধ অনুপ্ৰৱেশৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখে। আৰপিএফে ইয়াক প্ৰতিৰোধ কৰিবলৈ ৰেল ষ্টেচন আৰু ট্ৰেইনত অবিৰত নিয়মীয়া তালাচী অব্যাহত ৰাখিছে। আৰপিএফে ৰে’ল যাত্ৰীসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত অপৰাধীৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ চলাই অহাৰ লগতে মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিৰ প্ৰতি আৰু লগতে সন্দেহজনকভাৱে শিশুৰ চলাচল, সঠিক অভিভাৱক অবিহনে অকলে ভ্ৰমণ কৰা ইত্যাদিৰ বাবে সদায় সতৰ্ক দৃষ্টি ৰাখে।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *