উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা উপকৰণৰ আন্তঃগাঁথনিগত অৱস্থাৰ  অবিৰত নিৰীক্ষণ

  • Current
  • December 13, 2024
  • 0 Comments
Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ সুৰক্ষা উপকৰণৰ আন্তঃগাঁথনিগত অৱস্থাৰ 

অবিৰত নিৰীক্ষণ

মালিগাওঁ, ১৩ ডিচেম্বৰ ২০২৪:

 

উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’ল যাত্ৰাক আৰু অধিক সুৰক্ষিত আৰু নিৰাপদ কৰাৰ বাবে অবিৰত প্ৰচেষ্টা চলাই আহিছে। ই ইয়াৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ আৰু ৰক্ষণাবেক্ষণৰ বাবে কাৰিকৰীভাৱে উন্নত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। নৱেম্বৰ, ২০২৪ মাহৰ সময়চোৱাত, উত্তৰ পূব সীমান্ত ৰেলৱেই সুৰক্ষামূলক বিষয়সমূহৰ অধিক উন্নীতকৰণৰ বাবে সংমণ্ডলটোৰ ৩১ টা ষ্টেচনত ক্লেম্প টাইপ লকিংৰ সৈতে থিক ৱেব চুইচ পইণ্ট মেচিন স্থাপন কৰিছে।

দক্ষতা আৰু সুৰক্ষা অধিক বৃদ্ধিৰ বাবে, উত্তৰ পূব সীমান্ত ৰেলৱেই এই সংমণ্ডলৰ অন্তৰ্গত কেইবাটাও খণ্ডত ইয়াৰ বিদ্যমান চিগনেলিং প্ৰণালীত বিভিন্ন উন্নীতকৰণ আৰু প্ৰতিস্থাপন সম্পন্ন কৰিছে। নৱেম্বৰ ২০২৪ মাহৰ সময়চোৱাত উত্তৰ পূব সীমান্ত ৰেলৱেই কাটিহাৰৰ চাৰিখন লেভেল ক্ৰছিং গেট, আলিপুৰদুৱাৰৰ এখন আৰু লামডিং মণ্ডলৰ দুখন লেভেল ক্ৰছিং গেটত স্লাইডিং বুম স্থাপন কৰিছে। লেভেল ক্ৰছিং গেটত সুৰক্ষা বৃদ্ধি কৰাৰ অৰ্থে কাটিহাৰ মণ্ডলৰ দুখন লেভেল ক্ৰছিং গেট আৰু তিনিচুকীয়া মণ্ডলৰ দুখন লেভেল ক্ৰছিং গেটত বৈদ্যুতিক লিফ্টিং বেৰিয়াৰ প্ৰতিস্থাপন কৰা হৈছে। তিনিচুকীয়া, লামডিং, ৰঙিয়া আৰু আলিপুৰদুৱাৰ মণ্ডলৰ বিভিন্ন ষ্টেচনত ৮.০১৩ কিলোমিটাৰ চিগনেলিং কেবল নতুনকৈ স্থাপন কৰা হৈছে। ৰে’লৱে সম্পত্তিৰ যিকোনো ক্ষতি প্ৰতিহত কৰাৰ বাবে সুৰক্ষা ব্যৱস্থাৰ অংশ হিচাপে কাটিহাৰ মণ্ডলৰ ৰহমতপুৰ আৰু আৰাৰিয়া কোৰ্ট ষ্টেচনত স্বয়ংক্ৰিয় অগ্নি চিনাক্তকৰণ আৰু এলাৰ্ম প্ৰণালী আৰম্ভ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ২৫ খন লেভেল ক্ৰছিং গেটত চিষ্টেম ইন্টেগ্ৰেটি পৰীক্ষণ সম্পন্ন কৰা হৈছে। সংমগ্ৰ পাঁচটা মণ্ডলতে বিভিন্ন ক্ষমতাৰ মুঠ ৩৮১ টা চিগনেলিং বেটাৰিৰ প্ৰতিস্থাপন কৰা হয়, পৰিণামস্বৰূপে সুৰক্ষা উপকৰণৰ উন্নত নিৰ্ভৰযোগ্যতা সক্ৰিয় হৈছে। চালক আৰু অপাৰেটৰসকলক ভিজুৱেল তথ্য প্ৰদান কৰি ৰেলৰ গতিবিধি নিয়ন্ত্ৰণ কৰিবলৈ আধুনিক যোগাযোগ প্ৰণালী ব্যৱহাৰ কৰা হৈছে।

ৰে’লৱে প্ৰণালীৰ আন্তঃগাঁথনিগত উন্নীতকৰণে ৰে’লসমূহৰ সুৰক্ষিত পৰিচালন নিশ্চিত কৰে আৰু সেইসমূহৰ নিৰ্ভৰযোগ্যতা আৰু তত্বাৱধানে ৰে’লৰ পৰিচালনগত ক্ষমতাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ সকলো গ্ৰাহকৰ বাবে এক উৎকৃষ্ট, সময়ানুৱৰ্তী আৰু সুৰক্ষিত ৰে’লৱে অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে নিষ্ঠাৰ সৈতে কাম কৰি আহিছে।

  • Related Posts

    • Current
    • September 17, 2025
    • 9 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 15 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *