উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা দাৰ্জিলিং হিমালয়ান ৰেলৱেত ভিণ্টেজ ষ্টীম ইঞ্জিন ‘বেবী চিভক’ৰ উদ্বোধন

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা দাৰ্জিলিং হিমালয়ান ৰেলৱেত ভিণ্টেজ ষ্টীম ইঞ্জিন ‘বেবী চিভক’ৰ উদ্বোধন

 

 

 

মালিগাওঁ, ০৯ ডিচেম্বৰ, ২০২৪:

 

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ দাৰ্জিলিং হিমালয়ান ৰেলৱেই (ডিএইচআৰ) সমগ্ৰ বছৰজুৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকসকলক আকৰ্ষিত কৰি আহিছে। এই বিষ্ময়কৰ ঐতিহ্যৰ প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ পূব সীমান্ত ৰেলৱেই শতাব্দী প্ৰাচীন ভিণ্টেজ ষ্টীম ইঞ্জিনটোৰ পুনৰুদ্ধাৰ কৰিছে, যাক ‘বেবী চিভক’ বুলি জনা যায় আৰু ইয়াত ডিএইচআৰৰ বহুতো আকৰ্ষণীয় বৈশিষ্ট সংযোজন কৰিছে। এই উল্লেখনীয় নবীকৰণৰ পদক্ষেপটো ২০২৪ বৰ্ষৰ ০৭ ডিচেম্বৰত ঘুম শীতকালীন মহোৎসৱৰ সময়ত উন্মোচন কৰা হয়, য’ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে আনুষ্ঠানিকভাৱে ভাপ ইঞ্জিনটোৰ শুভাৰম্ভ কৰে। ‘বেবী চিভক’ এতিয়া গৌৰৱেৰে ঘুমত প্ৰদৰ্শিত হৈছে, যি পৰ্যটকসকলক ৰে’লৱেৰ সমৃদ্ধ পৰম্পৰাৰ সৈতে এক পোনপটীয়া সংযোগ প্ৰদান কৰিছে।

 

ভাপ ইঞ্জিন ‘বেবী চিভক’য়ে এশ বছৰৰো অধিক পূৰ্বে জাৰ্মানীৰ অৰেনষ্টাইন আৰু কোপেলৰ পৰা ঠিকাদাৰৰ লোকোমোটিভ ইঞ্জিন হিচাপে তাৰ সেৱা আৰম্ভ কৰিছিল। দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ তিস্তা উপত্যকা আৰু কিষাণগঞ্জ শাখা নিৰ্মাণৰ ক্ষেত্ৰত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি ধাৰণা কৰা হয়, তিস্তা উপত্যকা লাইনৰ চিভক ষ্টেচনৰ পৰা যাৰ নাম ৰখা হৈছিল। কেইবা দশকজুৰি সেৱাৰ পিছত, ইঞ্জিনটোৱে ১৯৭০ ৰ দশকত তাৰ সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ১৯৯০-ৰ দশকৰ শেষৰ ফালে শিলিগুড়ীত প্ৰদৰ্শিত হয়। ২০০০ বৰ্ষৰ পৰা, ই ঘুম ষ্টেচনত এক আউটডোৰ প্ৰদৰ্শনী সামগ্ৰী ৰূপে আছিল, য’ত ই লাহে লাহে ক্ষতিগ্ৰস্ত হৈ পৰিছিল। ঐতিহাসিক মূল্য স্বীকাৰ কৰি, ভাপ ইঞ্জিনটো তিনধৰিয়া ৱৰ্কশ্বপলৈ পৰিবহন কৰা হয়, য’ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ নিজস্ব দক্ষ কৰ্মচাৰীসকলে ইয়াক যত্নসহকাৰে মেৰামতি কৰে আৰু ইয়াৰ মূল আকৰ্ষণ সংৰক্ষণ কৰি ইয়াক পুনৰুজ্বীৱিত কৰি তুলে।

 

 

‘বেবী চিভক’ ভাপ ইঞ্জিনৰ পুনৰুদ্ধাৰে ডিএইচআৰৰ ঐতিহ্য সংৰক্ষণত এক মাইলৰ খুঁটি ৰূপে পৰিগণিত হৈছে। এই পদক্ষেপে কেৱল ইতিহাসৰ এক মূৰ্ত অংশকেই সংৰক্ষণ নকৰে আনহাতে অতীতৰ এক অভিযান্ত্ৰিক বিষ্ময় প্ৰত্যক্ষ কৰাৰ বাবে এক কেন্দ্ৰবিন্দু হিচাপেও কাম কৰে। ঘুমত ইয়াৰ প্ৰদৰ্শনে পৰ্যটকৰ অভিজ্ঞতাক সমৃদ্ধ কৰে, যাৰ ফলত দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ অনন্য ঐতিহ্যক প্ৰশংসা কৰাৰ সুযোগো প্ৰদান কৰা হয়। দাৰ্জিলিং হিমালয়ান ৰেলৱেৰ ক্ৰমাগত সংৰক্ষণ আৰু সংবৰ্দ্ধন নিশ্চিত কৰিবলৈ, উত্তৰ পূব সীমান্ত ৰেলৱেই ট্যুৰ অপাৰেটৰ, সাংস্কৃতিক গোট আৰু স্থানীয় লোকসকলকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থাকে। এই সহযোগিতামূলক পদক্ষেপসমূহে অঞ্চলটোৰ সাংস্কৃতিক আৰু ঐতিহাসিক মূল্য বৃদ্ধি কৰাৰ লগতে ঐতিহ্য সংৰক্ষণৰ প্ৰতি গুৰুত্বআৰোপ কৰে।

 

 

  • Related Posts

    Indian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations

    Telegram

    TelegramTweetIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations   Maligaon, 16th September, 2025:   The Ministry of Railways has announced a new measure to ensure that the benefits of…

    মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

    Telegram

    TelegramTweetমাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন  মালিগাওঁ, ১৪ ছেপ্টেম্বৰ, ২০২৫:   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত বিহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *