আজিৰে পৰা আৰম্ভ হল ৬৭ সংখ্যক তামুলপুৰ ৰাস মহোৎসৱ।

Telegram

আজিৰে পৰা আৰম্ভ হল ৬৭ সংখ্যক তামুলপুৰ ৰাস মহোৎসৱ।

সাত দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তামুলপুৰ ৰাস মহোৎসৱ।

 

তামুলপুৰ ১৫ নৱেম্বৰ।

 

আজিৰে পৰা আৰম্ভ হৈছে তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱ। ৬৭ সংখ্যক তামুলপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি শ্ৰীশ্ৰী হৰিমন্দিৰৰ পতাকা উত্তোলন কৰে তামুলপুৰ আঞ্চলিক হৰিমন্দিৰ সভাপতি গিৰীশ চন্দ্ৰ মহন্তই। ধৰ্মধ্বজা উত্তোলন কৰে উৎযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাই। স্মৃতি তৰ্পন কৰে অসমৰ প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহান আৰু শিল্পী দেবেন পাঠকে। সন্ধিয়া মুখ্য দ্বাৰ উদ্বোধন কৰে তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে ৷ সন্ধিয়া ৰাসথলী উদ্বোধন কৰে বি টি চিৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই। মন্দিৰৰ দ্বাৰ উন্মোচনৰ পিছতে বন্তি প্ৰজ্বলন, ওজাপালি বন্দনা আৰু পূজা আৰম্ভ অনুষ্ঠিত হয়। সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰাসথলীত আয়তীৰ দিহা নাম, মহিলা নাগৰা নাম, নৃত্য প্ৰতিযোগীতা, লোক সংগীত, ভূপেন্দ্ৰ সংগীত, সত্ৰীয়া নৃত্য, ভাওনা প্ৰদৰ্শনৰ লগতে প্ৰতিদিনে অনুষ্ঠিত হ’ব সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক সন্ধিয়াত প্ৰতিদিনে গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সকলে। ৰাস মহোৎসৱৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা কামানা কৰিছে উৎযাপন সমিতিৰ সভাপতি জলেন দৈমাৰী, কাৰ্যকৰী সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকা আৰু সাধাৰণ সম্পাদক দমন পাটোৱাৰীয়ে।

  • Related Posts

    কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

    Telegram

    TelegramTweetকচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন।      তামুলপুৰঃ৩০ আগষ্টঃ     তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত…

    বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।

    Telegram

    TelegramTweetবিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।   বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *