
আঙাৰকাটা লক্ষীনাৰায়ণপুৰত হাতীজাকৰ তাণ্ডৱ: যথেষ্ট ক্ষতিসাধন
গাঁৱৰ একাংশ লোকৰ দাবি অনুসাৰে, হাতীজাক খাদ্যৰ সন্ধানত এই অঞ্চলত প্ৰৱেশ কৰিছিল। কিন্তু খাদ্যৰ অভাৱত উত্তেজিত হৈ সম্পত্তিৰ ক্ষতিসাধন কৰে। গৃহস্থৰ কেইবাটাও ধানৰ ভৰাল আৰু ৰন্ধাঘৰো সম্পূৰ্ণৰূপে ধ্বংস হয়।
ইয়াৰ উপৰিও, স্থানীয় সমাজৰ সদস্যসকল দ্ৰুত ক্ষতিপূৰণ আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে।