BTR NEWS

আঙাৰকাটা লক্ষীনাৰায়ণপুৰত হাতীজাকৰ তাণ্ডৱ: যথেষ্ট ক্ষতিসাধন

Telegram

আঙাৰকাটা লক্ষীনাৰায়ণপুৰত হাতীজাকৰ তাণ্ডৱ: যথেষ্ট ক্ষতিসাধন

 

আঙাৰকাটাৰ লক্ষীনাৰায়ণপুৰ গাঁওত যোৱা নিশা হাতীজাকৰ আক্ৰমণত যথেষ্ট ক্ষতিসাধন হয়। স্থানীয় লোকসকলৰ মতে, নিশাৰ প্ৰায় ১১ বজাত হাতীৰ এটা ডাঙৰ জাক গাঁৱত প্ৰৱেশ কৰে। তাণ্ডৱ চলাই বহু ঘৰত ব্যাপক ক্ষতিসাধন কৰে, লগতে গছ গছনিৰ লগতে শস্য নষ্ট কৰে।

 

গাঁৱৰ একাংশ লোকৰ দাবি অনুসাৰে, হাতীজাক খাদ্যৰ সন্ধানত এই অঞ্চলত প্ৰৱেশ কৰিছিল। কিন্তু খাদ্যৰ অভাৱত উত্তেজিত হৈ সম্পত্তিৰ ক্ষতিসাধন কৰে। গৃহস্থৰ কেইবাটাও ধানৰ ভৰাল আৰু ৰন্ধাঘৰো সম্পূৰ্ণৰূপে ধ্বংস হয়।

 

এই ঘটনাৰ ফলত লোকসকলৰ মাজত আতংক সৃষ্টি কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ এতিয়া কঠিন পৰিস্থিতিৰ সন্মুখীন। অঞ্চলটোৰ বন বিভাগৰ আধিকাৰিকসকলক এই বিষয়ে অৱগত কৰা হৈছে। তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হাতীৰ জাকক প্ৰাকৃতিক অভয়াৰণ্যলৈ প্ৰেৰণা কৰাৰ ব্যৱস্থা ল’ব বুলি প্রতিশ্রুতি দিয়ে।

 

ইয়াৰ উপৰিও, স্থানীয় সমাজৰ সদস্যসকল দ্ৰুত ক্ষতিপূৰণ আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক অনুৰোধ জনাইছে।

 

Exit mobile version