অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত তামুলপুৰৰ কাউলী ই ৰিক্সা প্ৰদান।

Telegram

অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত তামুলপুৰৰ কাউলী ই ৰিক্সা প্ৰদান।

আজি তামুলপুৰ জিলাৰ কাউলী খাদী কেন্দ্ৰ চৌহদত অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত ১৯ টাকৈ ই ৰিক্সা বিতৰণ কৰা হয় নিবনুৱা যুৱক সকলৰ মাজত। ই ৰিক্সা বিতৰণৰ পূৰ্বে আয়োজিত এক সভাত অংশ লয় অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱৰ লগতে উপ অধ্যক্ষ সুশান্ত বিশ্বাস, সদস্য সুজিত সৰকাৰ সহ গাননিক মকিবৰ ৰহমানৰ লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে। বৰ্ডৰ সদস্য সুজিত সৰকাৰে আঁত ধৰা উক্ত অনুষ্ঠানত অংশ লৈ অধ্যক্ষ শিলাদিত্য দেৱে কয় যে- অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত সমগ্ৰ ৰাজ্যত উন্নয়নমূলক কাম কাজ কৰি থকা হৈছে। ইয়াৰ অংশ স্বৰূপে আজি আমি নিবনুৱা সকলক কৰ্মমুখী হিচাবে গঢ় দিবলৈ আজি আবেদনৰ ভিত্তিত আমি ১৯ টাকৈ ই ৰিক্সা বিতৰণ কৰিছোঁ। ইতিমধ্যে এই বৰ্ডৰ দ্বাৰা শিলচৰত ১০০ টা বিচনাযুক্ত ছোৱালী হোষ্টেলৰ কাম কাজ আৰম্ভৰ প্ৰস্তুতি লোৱা হৈছে। অনাগত দিনত প্ৰশাসনিকৰ পৰা আৰম্ভ কৰি এচিএছৰ দৰে পৰীক্ষাত অৱতীৰ্ণ হবলৈ আমি ভাষিক সংখ্যালঘুৰ শিক্ষাৰ্থী সকলকআৰ্থিক সাহায্য প্ৰদান কৰিম। বিগত তিনিটা বছৰত এই বৰ্ডৰ দ্বাৰা বহু ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ লগতে ৰাজহুৱা স্বাৰ্থ জনীত কামকাজ কৰি থকা হৈছে।শেহতীয়াকৈ বাংলা সাহিত্য সভাৰ লগত আলোচনা কৰি অসমৰ কেইবাটাও প্ৰসিদ্ধ কিতাপ বাংলা লৈ অনুবাদৰ কাম কাজ কৰি থকা হৈছে।অসমৰ মুখ্যমন্ত্ৰক ধন্যবাদ জনাই তেওঁ পুনৰ কয় যে, হিমন্ত বিশ্ব শৰ্মা দেৱৰ উন্নয়মূলক চিন্তা ধাৰাৰ বাবে বৰ্তমান এই বৰ্ডে ৰাইজৰ বাবে কাম কৰিব পাৰিছে। অহা দিনত উক্ত বৰ্ডৰ পৰা ৰাইজে পাব লগা যিকোনো লাভবান দিশৰ ক্ষেত্ৰত আগতীয়াকৈ কোড নং যুক্ত ফৰ্ম বিতৰণ কৰা হব। ইপিনে উক্ত সভাত অংশ লৈ বিটিআঁৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে কয় যে- অসমৰ মুখ্যমন্ত্ৰীৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰতো উন্নয়নৰ নতুন ধাৰা বৈছে। এসময়ৰ পিছপৰা কাউলী অঞ্চলতো উন্নয়নৰ প্ৰভাৱ পৰিছে। জিলাখনৰ কেৱল কাউলী অঞ্চলতে কেইবা কোটি টকাৰ উন্নয়নমূলক কাম আৰম্ভ হৈছে বুলি কৈ আজি যিসকল নিবনুৱা লোকে ই ৰিক্সা লাভ কৰিছে তেওঁলোকক ইয়াৰ সৎ ব্যৱহাৰ কৰি লাভাম্ভিত হোৱাৰ বাবে অনুৰোধ জনায়। একেদৰে বৰ্ডৰ উপ অধ্যক্ষ সুশান্ত বিশ্বাস আৰু সদস্য সুজিত সৰকাৰেও আজি যিসকল লোকে এই ই ৰিক্সা লাভ কৰিছে তেওঁলোকে অহাদিনত এই ই ৰিক্সাৰ জৰিয়তে নিজকে আত্মনিৰ্ভৰ আৰু প্ৰতিষ্ঠা কৰিব বুলি আশা ব্যঞ্জক ভাষণ প্ৰদান কৰে। শেষত বৰ্ডৰ গাননিক মকিবৰ ৰহমানে সভাৰ শলাগৰ শৰাই আগবঢ়াই আজি যিসকল লোকে ই ৰিক্সা লাভ কৰিছে তেওঁলোকৰ উদ্দেশ্যি কেইবাটাও গাইডলাইন মূলক ভাষণ প্ৰদান কৰে।উক্ত সভাৰ পিছতে আনুষ্ঠানিক ভাবে জিলা খনৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৯ গৰাকী যুৱকক ই ৰিক্সা বিতৰণ কৰে বৰ্ডৰ অধ্যক্ষৰ লগতে উপস্থিত লোক সকলে। সমান্তৰাল ভাবে আজি এই ই ৰিক্সা লাভ কৰি একাংশ নিবনুৱা যুৱক যুৱতীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বৰ্ডৰ প্ৰতিগৰাকী বিষয়-ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ অনুষ্ঠানত বৰ্ডৰ বিষয় ববীয়াৰ লগতে জিলা বিজেপিৰ সম্পাদক ভজন দাস, নাগ্ৰিজুলী মণ্ডল বিজেপিৰ সভাপতি শংকৰ দাস, স্থানীয় ভিচিডিৰ অধ্যক্ষ দীপাংকৰ ভট্টাচাৰ্য, তামুলপুৰ জিলা বিজেপিৰ সদস্য দুলাল সাহা, খাদী বৰ্ডৰ লগত জড়িত যতিন সৰকাৰ, যুৱ সমাজ কর্মী ৰাজু দাসকে প্ৰমুখ্যে কৰি অঞ্চলটোৰ বহু সমাজ সচেতন লোকে অংশ লয়।

  • Related Posts

    • Current
    • June 19, 2025
    • 6 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 5 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *