
অসম এথেলেটিক সন্থাৰ বিশেষ পদক্ষেপ: অসমৰ প্ৰথম এথেলেটিক একাডেমী হব সৰুসজাইত
এই একাডেমী হব অসমৰ মুখ্য এথেলেটিক কাৰ্য্যালয়, য’ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক আধুনিক সঁজুলিৰে সুসজ্জিত কৰা হ’ব।
এই পদক্ষেপৰ মূল উদ্দেশ্য হ’ল—
অসমৰ খেলুৱৈসকলৰ মাজত লুকাই থকা প্ৰতিভা বিকাশ কৰা
খেলুৱৈসকলক উন্নত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা
বিদেশৰ প্ৰশিক্ষক (Coach) সকলৰ বাবেও সকলো সুবিধাৰে এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ পৰিকাঠামো গঢ়ি তোলা
সৰুসজাই এথেলেটিক একাডেমী অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।