BTR NEWS

অসম এথেলেটিক সন্থাৰ বিশেষ পদক্ষেপ: অসমৰ প্ৰথম এথেলেটিক একাডেমী হব সৰুসজাইত

Telegram

অসম এথেলেটিক সন্থাৰ বিশেষ পদক্ষেপ: অসমৰ প্ৰথম এথেলেটিক একাডেমী হব সৰুসজাইত

 

অসমত প্ৰথমবাৰৰ বাবে এথেলেটিক একাডেমী নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ হৈছে। আজিৰে পৰা এই নতুন অধ্যায়ৰ সূচনা হ’ল — সৰুসজাই ক্ৰিয়া প্ৰকল্পত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত উপস্থিত আছিল ক্ৰীড়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

 

এই একাডেমী হব অসমৰ মুখ্য এথেলেটিক কাৰ্য্যালয়, য’ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে খেলুৱৈসকলক আধুনিক সঁজুলিৰে সুসজ্জিত কৰা হ’ব।

 

এই পদক্ষেপৰ মূল উদ্দেশ্য হ’ল—

 

অসমৰ খেলুৱৈসকলৰ মাজত লুকাই থকা প্ৰতিভা বিকাশ কৰা

 

খেলুৱৈসকলক উন্নত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা

 

বিদেশৰ প্ৰশিক্ষক (Coach) সকলৰ বাবেও সকলো সুবিধাৰে এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ পৰিকাঠামো গঢ়ি তোলা

 

 

সৰুসজাই এথেলেটিক একাডেমী অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Exit mobile version