অসমত ২৯ লাখ বিঘা ভূমি বেদখল হৈ আছে, মই লাহে লাহে কৰি আছোঁ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Telegram

অসমত ২৯ লাখ বিঘা ভূমি বেদখল হৈ আছে, মই লাহে লাহে কৰি আছোঁ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

 

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কাৰ্যসূচী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰি কয় যে, “অসমত ২৯ লাখ বিঘা ভূমি বেদখল হৈ আছে। এজন হিমন্ত বিশ্ব শৰ্মাই ৪ বছৰত একো কৰিব নোৱাৰে। মই লাহে লাহে কৰি আছোঁ।”

 

তেওঁ কয় যে ৰাজ্যখনৰ ভূমি সুৰক্ষাৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা অনুযায়ী কাম চলি আছে আৰু যিসকল বেদখলকাৰীয়ে চৰকাৰী ভূমিত অবৈধভাৱে দখল লৈছে, তেওঁলোকৰ বিৰুদ্ধে আইনানুগ পদক্ষেপ গ্ৰহণ অব্যাহত থাকিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, উচ্ছেদ এটা দায়িত্বপূৰ্ণ আৰু সংবেদনশীল বিষয়, যাৰ বাবে সময়, পৰিকল্পনা আৰু সজাগতা আৱশ্যক।

 

তেওঁৰ এই মন্তব্য অসমত চলি থকা উচ্ছেদ অভিযান আৰু ভূমি ব্যৱস্থাপনা সন্দৰ্ভত এক স্পষ্ট বার্তা হিচাপে বিবেচিত হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, ভূমি পুনৰুদ্ধাৰ অভিযানৰ লক্ষ্য হৈছে ৰাজহ ভূমিৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা আৰু চৰকাৰী সম্পত্তিৰ সংৰক্ষণ।

 

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    অখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”

    Telegram

    TelegramTweetঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”   শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজিৰ দিনটোত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি…

    • Current
    • September 13, 2025
    • 6 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *