UPPLৰ কেন্দ্ৰীয় সংখ্যালঘু সেলৰ উপ-সভাপতি হাজৰত আলীয়ে আজি দলীয় পদ আৰু সদস্যপদ দুয়ো ত্যাগৰ ঘোষণা লগতে বিজেপি দলত যোগদান।

Telegram

UPPLৰ কেন্দ্ৰীয় সংখ্যালঘু সেলৰ উপ-সভাপতি হাজৰত আলীয়ে আজি দলীয় পদ আৰু সদস্যপদ দুয়ো ত্যাগৰ ঘোষণাৰ লগতে বিজেপি দলত যোগদান।

 

 

দৰঙাজুলী, ১৩ আগষ্টঃ

বিটিচি চৰকাৰৰ অন্যতম অংশীদাৰ দল ইউনাইটেড পিপল’ছ পাৰ্টি লিবৰেল (UPPL)ৰ ওপৰত আজি মোক্ষম আঘাত পৰিছে। দৰঙাজুলীৰ খ্যাতনামা সমাজসেৱী তথা UPPLৰ কেন্দ্ৰীয় সংখ্যালঘু সেলৰ উপ-সভাপতি হাজৰত আলীয়ে আজি দলীয় পদ আৰু সদস্যপদ দুয়ো ত্যাগৰ ঘোষণা কৰিছে

 

হাজৰত আলীয়ে অভিযোগ কৰিছে যে, দলত সংখ্যালঘু সমাজৰ সমস্যা আৰু উন্নয়নমূলক দাবী-আবেদনৰ প্ৰতি প্ৰয়োজনীয় গুৰুত্ব নিদিয়া হৈছে। তেওঁ ক’লে — “আমি যি আশা লৈ দলত গৈছিলোঁ, সেই আশা পূৰণ নহ’ল। সংখ্যালঘু সমাজৰ স্বাৰ্থ আৰু উন্নয়নক অগ্ৰাধিকাৰ নিদিয়াতেই মই এই পদক্ষেপ ল’লোঁ।”

 

ইফালে, হাজৰত আলীয়ে ভাৰতীয় জনতা পাৰ্টি (BJP)ত যোগদান কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে। তেওঁ ক’লে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ সকলো জনগোষ্ঠীৰ উন্নয়ন সম্ভৱ আৰু সেই কাৰণেই বিজেপিৰ পতাকাত নিজক সমৰ্পণ কৰিছে।

 

দল ত্যাগৰ খবৰটো ইতিমধ্যে দৰঙাজুলীৰ ৰাজনৈতিক পৰিসৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। স্থানীয় স্তৰত ই UPPLৰ সংগঠনত এক গম্ভীৰ ধাক্কা হিচাপে গণ্য হৈছে।

বিশ্লেষকসকলৰ মতে, হাজৰত আলীৰ বিজেপি যোগদান আগন্তুক নিৰ্বাচনত দলীয় সমীকৰণত এক নতুন পৰিৱৰ্তন আনি দিব।

 

  • Related Posts

    Election Strategy Meeting with UPPL Workers and Candidates

    Telegram

    TelegramTweetElection Strategy Meeting with UPPL Workers and Candidates   BTR ৰ ২৬ নং দৰঙাজুলী সমষ্টিত UPPL ৰ কর্মী আৰু প্ৰাৰ্থীৰে নিৰ্বাচনী ৰণকৌশলৰ বিষয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান…

    ২৬ নং, দৰংগাজুলিত বিপিএফৰ নিৰ্বাচনী গণ সমাবেশ ৷ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীৰ সমৰ্থনত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ। 

    Telegram

    TelegramTweet২৬ নং, দৰংগাজুলিত বিপিএফৰ নিৰ্বাচনী গণ সমাবেশ ৷ বিপিএফৰ প্ৰাৰ্থী ইমানুৱেল মছাহাৰীৰ সমৰ্থনত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ।    তামুলপুৰ ১২ ছেপ্টেম্বৰ   বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *