
Election Strategy Meeting with UPPL Workers and Candidates
BTR ৰ ২৬ নং দৰঙাজুলী সমষ্টিত UPPL ৰ কর্মী আৰু প্ৰাৰ্থীৰে নিৰ্বাচনী ৰণকৌশলৰ বিষয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে বিটিআৰ প্ৰধান তথা UPPL সভাপতি প্ৰমোদ বড়ো।
বৈঠক সমাপ্তিৰ অন্তত প্ৰমোদ বড়োৱে সংবাদমাধ্যমৰ আগত কয় যে—
“তামুলপুৰৰ পাঁচটা সমষ্টি UPPL ৰ দখলত আহিব। বিটিচিৰ পৰা ভিচিডিচি কোনো কাৰণতে উঠি নাযায়। VCDC থাকিব বাবেই VCDC চেক্ৰেটৰী নিযুক্তি দিয়া হৈছে। হয়তো নিৰ্বাচনী প্ৰক্ৰিয়া হব পাৰে, কিন্তু ষষ্ঠ অনুসূচীত VCDC ত থাকিবই। যিয়ে কওক, ভিচিডিচি আঁতৰাই পেলোৱা হ’ব বুলি কোৱা কথা একেবাৰে ভুল। এইবোৰে ৰাইজক বিপথে পৰিচালিত কৰাৰ চেষ্টা।”
তেওঁ লগতে ঘোষণা কৰে যে, UPPL দল শীঘ্ৰেই মুকলি কৰিব নিৰ্বাচনী ইস্তাহাৰ পত্ৰ।
প্ৰমোদ বড়োৱে এই ক্ষেত্ৰত আরও কয়—
“BTR ত কোনোবাই ষ্টাৰ কোম্পেইনৰ হওক বা সূৰ্য-চন্দ্ৰ হওক, তাত কিবা আপত্তি নাই। কিন্তু ৰাইজৰ লগত যিয়ে থাকিব, সেইব্যক্তিয়ে ভোট পাব। ষ্টাৰ কোম্পেইনৰ প্ৰতিযোগিতাত মই নাই।”