BTR নিৰ্বাচনক লৈ প্ৰৱল আত্মবিশ্বাসী হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়োৰ ওপৰত কটাক্ষ

Telegram

BTR নিৰ্বাচনক লৈ প্ৰৱল আত্মবিশ্বাসী হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়োৰ ওপৰত কটাক্ষ

 

সমাগত BTR নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তাপ তীব্ৰ হৈ উঠিছে। এই ক্ষেত্ৰত BPF প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে প্ৰকাশ কৰিছে প্ৰৱল আত্মবিশ্বাস। সদৌ অঞ্চলজুৰি BPFৰ জনসমৰ্থনৰ কথা উল্লেখ কৰি হাগ্ৰামাই দাবী কৰে —

“BTRত এক নম্বৰত আছে BPF, দুই নম্বৰত BJP, তিনিত UPPL।”

 

প্ৰচাৰ অভিযানৰ সময়ত সংবাদমাধ্যমৰ আগত মন্তব্য কৰি হাগ্ৰামাই প্ৰমোদ বড়োৰ ওপৰত কটাক্ষ কৰি কয় —

“প্ৰমোদ বড়োৰ লাক আছে নে নাই, সেইটো মই নাজানো। কিন্তু যদি লাক থাকে, তেন্তে জিকিব; লাক নাথাকিলে হাৰিব।”

 

হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্যৰে এটা সঁচা ৰাজনৈতিক চেলেঞ্জ উত্থাপন কৰে। লগতে তেওঁ কয়,

“আমি সংখ্যাগৰিষ্ঠতা নিশ্চিতকৈ পাওঁ। প্ৰমোদ বড়ো এতিয়া ভয় খাই আছে।”

 

BPFৰ প্ৰবীন নেতা গৰাকীয়ে এতিয়ালৈকে ২২ খন পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাও ঘোষণা কৰিছে। দলটোৱে ইতিমধ্যে মজবুত সংগঠনিক কাঠামো আৰু জনসমৰ্থনৰে ভোটৰ বাবে সজাগ অৱস্থাত আছে বুলি হাগ্ৰামাৰ দাবী।

 

BTR অঞ্চলত এইবাৰ নিৰ্বাচনী যুঁজ চরম পৰ্যায়ত উঠিব বুলি ধাৰণা কৰা হৈছে, য’ত BPF, BJP আৰু UPPLৰ মাজত ত্ৰিমুখী প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পোৱা যাব।

 

  • Related Posts

    বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়

    Telegram

    TelegramTweetবডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ মুখ্য বিষয় আছিল—বডোলেণ্ড পিপল’স ফ্ৰণ্ট (BPF)ৰ সৈতে সম্ভাব্য একত্ৰীকৰণ সম্পৰ্কে…

    উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ

    Telegram

    TelegramTweetউচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ লৈছে। দুয়ো পক্ষৰ নেতাই প্ৰতিদিনে একে-অন্যক লক্ষ্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *