তামুলপুৰত কংগ্ৰেছ কৰ্মীৰ আম্বেদকাৰ সন্মান যাত্ৰা, উত্তাল প্ৰতিবাদঃ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীঃ

Telegram

তামুলপুৰত কংগ্ৰেছ কৰ্মীৰ আম্বেদকাৰ সন্মান যাত্ৰা, উত্তাল প্ৰতিবাদঃ

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীঃ

 

 

২৪ ডিচেম্বৰঃ

 

সংসদত ভাৰতৰ সংবিধান প্ৰণেতা ডঃ ভীমৰাও বাবা চাহেব আম্বেদকাৰৰ বিৰুদ্ধে অপমান জনক মন্তব্যৰ অভিযোগ তুলি সমগ্ৰ দেশৰ লগতে তামুলপুৰতো তামুলপুৰ জিলা কংগ্ৰেছৰ সভাপতি যশোৱন্ত চৌহানৰ নেতৃত্বত বহুসংখ্যক কংগ্ৰেছ কৰ্মীয়ে আম্বেদকাৰ সন্মান যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি বিৰোধী শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ অন্তত তামুলপুৰ জিলাৰ জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰ খনত বি আৰ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ তুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ পদত্যাগ দাবী কৰে । আজিৰ কাৰ্যসূচীত তামুলপুৰ জিলা কংগ্ৰেছৰ সভাপতি যশোৱন্ত চৌহানৰ উপৰিও কেবা গৰাকীও ব্লকৰ সভাপতি, সম্পাদক উপস্থিত থাকে ৷##

  • Related Posts

    সমাগত BTR নিৰ্বাচনঃ প্ৰভাৰী সকলক দায়িত্ব প্ৰদান, ৰাজনৈতিক দলৰ ৰাজ্যিক নেতৃত্বৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

    Telegram

    TelegramTweetসমাগত BTR নিৰ্বাচনঃ প্ৰভাৰী সকলক দায়িত্ব প্ৰদান, ৰাজনৈতিক দলৰ ৰাজ্যিক নেতৃত্বৰ গুৰুত্বপূৰ্ণ পদক্ষেপ সমাগত বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়নৰ (BTR) নিৰ্বাচনৰ প্ৰসঙ্গত, ৰাজনৈতিক দলসমূহে নিজৰ কৌশলগত পদক্ষেপবোৰ গঢ়ি তুলিবলৈ আৰম্ভ কৰিছে। এই…

    তামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভা

    Telegram

    TelegramTweetতামুলপুৰৰ দৰঙাজুলী পৰিষদীয় সমষ্টিত বিজেপিৰ যোগদান ও মণ্ডল কাৰ্যনিৰ্বাহক সভা। স্থানীয় বিজেপিৰ পাৰিষদ বিজিত গৌৰা নাৰ্জাৰী, জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস,সাধৰণ সম্পাদক ভজন দাস, মণ্ডল সভাপতি ৰিদিপ দাসৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *