তামুলপুৰত অনুষ্ঠিত হয় শীতকালীন ক্ৰিকেট শিবিৰ।

Telegram

তামুলপুৰত অনুষ্ঠিত হয় শীতকালীন ক্ৰিকেট শিবিৰ।

 তামুলপুৰ, ২২ ডিচেম্বৰঃ

 

তামুলপুৰ জিলা ক্ৰিকেট সংন্থা আৰু তামুলপুৰ ক্ৰিকেট একাডেমীৰ উদ্যোগত আজিৰে পৰা আৰম্ভ কৰা হয় শীতকালীন ক্ৰিকেট শিবিৰ।

তামুলপুৰ জিলা সদৰত থকা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা উক্ত শীতকালীন ক্ৰিকেট শিবিৰটোৰ আজি পুৱাৰ ভাগত শুভ উদ্বোধন কৰে তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সভাপতি তথা বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভাই।

 

শীতকালীন ক্ৰিকেট শিবিৰটো উদ্বোধন কৰি এমচিএলএ গৰাকীয়ে এটা টিমৰ বাবে ক্ৰিকেট খেলৰ সামগ্ৰী বিতৰণ কৰে। শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰা এই শীতকালীন ক্ৰিকেট শিবিৰটোৰ আজি শুভাৰম্ভণি অনুষ্ঠানত তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সভাপতি দেবেন দাস, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া, তামুলপুৰ ক্ৰিকেট একাডেমীৰ সাধাৰণ সম্পাদক ৰুপম মহন্ত আৰু প্ৰশিক্ষক পৰাগ বৰ্মন উপস্থিত থাকে।

  • Related Posts

    তামুলপুৰৰ বাবে এটা গৌৰৱজনক খবৰ! 🌟

    Telegram

    TelegramTweetতামুলপুৰৰ বাবে এটা গৌৰৱজনক খবৰ! 🌟   তামুলপুৰ জিলাৰ কাৰখেলা (খৈৰাণী) গাঁওৰ নিৱাসী শ্যাম চেত্ৰী আৰু অৰ্মিতা দেৱীৰ জ্যোতি দেৱী অসম ক্ৰিকেট সন্থাৰ চিনিয়ৰ মহিলা দলত স্থান লাভ কৰিবলৈ সক্ষম…

    ২৭ বছৰৰ পাছত ICC ট্ৰফীৰ খিতাপ দখল! দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ মুখত বিৰিঙিছে হাঁহি 🌟

    Telegram

    TelegramTweet🔵 ২৭ বছৰৰ পাছত ICC ট্ৰফীৰ খিতাপ দখল! দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ মুখত বিৰিঙিছে হাঁহি 🌟   ২৭ বছৰীয়া প্ৰতীক্ষাৰ অন্তত, দক্ষিণ আফ্ৰিকাই অবশেষত আন্তর্জাতিক ক্রিকেট কাউন্সিল (ICC) ৰ এখন ট্ৰফী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *