কেৱল ৰেছন কাৰ্ড থাকিলেই অৰুণোদয় নাপাব‌ও পাৰে* _তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত অৰুণোদয় ৩.০ সন্দৰ্ভত সভা।

  • Current
  • November 30, 2024
  • 0 Comments
Telegram

*কেৱল ৰেছন কাৰ্ড থাকিলেই অৰুণোদয় নাপাব‌ও পাৰে*
_তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত অৰুণোদয় ৩.০ সন্দৰ্ভত সভা_

 

*তামুলপুৰ, ৩০ নৱেম্বৰ, ২০২৪* : “কেৱল ৰেছন কাৰ্ড থাকিলেই অৰুণোদয় আঁচনি লাভ কৰিব পাৰি বুলি একাংশ লোকৰ এটা ধাৰণা আছে। কিন্তু সেয়া ভুল। ৰেছন কাৰ্ডৰ উপৰি এই আঁচনি লাভ কৰিবলৈ হ’লে অন্য কিছুমান চৰ্ত‌ও পালন কৰিব লাগিব।”— আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এনেদৰে মন্তব্য কৰে। জিলা আয়ুক্তগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত তেখেতে পুনৰ উল্লেখ কৰে, “যিসকল হিতাধিকাৰীয়ে ইতিমধ্যে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে, তেওঁলোকেও “অৰুণোদয় ৩.০”ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব। যদি আবেদন নকৰে, তেওঁলোক এই আঁচনিৰ পৰা বঞ্চিত হ’ব।” আজিৰ সভাখনত “অৰুণোদয় ৩.০”-ৰ নিয়মাৱলী সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়। হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত একোখন সমিতি গঠন কৰিব লাগিব। তাত গাঁওসভা অনুষ্ঠিত কৰি যোগ্য হিতাধিকাৰীৰ তালিকা আয়ুক্ত কাৰ্যালয়লৈ পঠিয়াব লাগিব। সেই অনুসৰি তামুলপুৰ জিলাত থকা ৪৭০টা ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰতিটোতে একোখনকৈ গাঁওসভা পাতিব লাগিব। এই গাঁওসভা ১৬-২১ ডিচেম্বৰত পালন কৰিবলগা “অৰুণোদয় সপ্তাহ”তো অনুষ্ঠিত কৰিব পাৰিব। “অৰুণোদয় ৩.০”ত নীতি-নিয়মৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন ঘটোৱা হৈছে। বিশেষকৈ ১৮ বছৰৰ ওপৰৰ শাৰীৰিকভাৱে সক্ষম লোকৰ ক্ষেত্ৰত লিংগৰ বিচাৰ কৰা নহয়। অৰ্থাৎ পুৰুষ হ’লেও তেনে পৰিয়ালে “অৰুণোদয় ৩.০”ৰ সুবিধা লাভ কৰিব। যদি কোনো লোকে ভুৱা কাগজ-পাতিৰে অথবা অযোগ্য হোৱা সত্ত্বেও এই আঁচনিৰ সুবিধা লাভ কৰাৰ কথা প্ৰমাণিত হয়, তেন্তে সুত-মূলসহ সমূদায় ধন চৰকাৰক ওভতাই দিব লাগিব। উল্লেখ্য যে তামুলপুৰ জিলাত এইবাৰ ৫৯ হাজাৰ হিতাধিকাৰীক “অৰুণোদয় ৩.০”-ত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। আজিৰ সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে অতিৰিক্ত আয়ুক্ত তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে।

  • Related Posts

    • Current
    • September 14, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *