নিৰাপত্তা আৰু ন্যায়ৰ ক্ষেত্ৰত চৰকাৰৰ অঙ্গীকাৰ: মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যম বার্তা।

Telegram

নিৰাপত্তা আৰু ন্যায়ৰ ক্ষেত্ৰত চৰকাৰৰ অঙ্গীকাৰ: মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যম বার্তা

 

ৰাজ্যৰ আইন-শৃঙ্খলা ব্যৱস্থাৰ শক্তিশালীকৰণ আৰু জনসাধাৰণৰ সুৰক্ষাৰ নিশ্চয়তা প্ৰদানৰ বাবে চৰকাৰ তথা আৰক্ষী সৰ্বত্ৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এটি তথ্যসমৃদ্ধ বার্তা প্ৰেৰণ কৰিছে। এই বার্তাত দোষীক উপযুক্ত শাস্তি দিয়াৰ ওপৰিও জনসাধাৰণৰ বাবে নিৰাপদ পৰিৱেশ সৃষ্টি কৰাত চৰকাৰৰ দৃষ্টিভংগী স্পষ্টকৈ প্ৰকাশিত হৈছে।

 

মুখ্যমন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি –

 

২০২১ চনত পঞ্জীয়িত গোচৰৰ সংখ্যা: ১ লাখ ৩৩ হাজাৰ ২৩৯টা।

 

চলিত বৰ্ষত (অক্টোবৰ মাহলৈকে) পঞ্জীয়িত গোচৰ: ৪১ হাজাৰ ৯৮৩টা।

 

বিগত ৪ বছৰত নিষ্পত্তি কৰা গোচৰৰ সংখ্যা: ৪ লাখ ২৫ হাজাৰ।

 

 

চাৰ্জশ্বীট দাখিলৰ ক্ষেত্ৰত বিশেষ প্ৰগতি দেখা গৈছে। ২০২১ চনত চাৰ্জশ্বীট দাখিলৰ হাৰ আছিল ৩৯.৪ শতাংশ, যি বৰ্তমান বৃদ্ধি পাই ৬৬.৪৮ শতাংশ হোৱাৰ খবৰ দিয়া হৈছে। এই তথ্যসমূহে প্ৰমাণ কৰে যে ৰাজ্যত গোচৰ নিষ্পত্তিৰ গতি তীব্ৰহোৱাৰ লগতে চাৰ্জশ্বীট দাখিলৰ প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ হৈছে।

 

মুখ্যমন্ত্ৰীগৰাকীয়ে জনগণক আশ্বাস দিয়ে যে চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ বাবে সকলো সম্ভৱ ব্যৱস্থা হাতত লৈছে। তদুপৰি, ৰাজ্যত ন্যায় প্ৰদানৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ আপোচ নকৰাৰ সংকল্প ব্যক্ত কৰিছে।

 

চৰকাৰৰ এই অঙ্গীকাৰক সমৰ্থন জনাই নাগৰিকসকলৰ মাজত আইন-শৃঙ্খলা ব্যৱস্থাৰ প্ৰতি আস্থা আৰু বিশ্বাস স্থাপন হৈছে। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আইন-শৃঙ্খলা শক্তিশালীকৰণৰ দিশত এটি গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।

 

  • Related Posts

    Hon’ble Union MoS for Health & Family Welfare, Smti. Anupriya Patel meets Meghalaya CM Conrad K. Sangma

    Telegram

    TelegramTweetHon’ble Union MoS for Health & Family Welfare, Smti. Anupriya Patel meets Meghalaya CM Conrad K. Sangma   📍 Shillong | June 2025   The Hon’ble Union Minister of State…

    পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত নিৰীহ লোকসকলৰ কাষত মন্ত্ৰী অতুল বৰা

    Telegram

    TelegramTweetপহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত নিৰীহ লোকসকলৰ কাষত মন্ত্ৰী অতুল বৰা   পাকিস্তান পৰাষিত সন্ত্ৰাসবাদীসকলে পহেলগামত চলোৱা এক বর্বর আক্ৰমণত নিহত হোৱা নিৰীহ লোকসকলৰ প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰি আজি অসম…

    Leave a Reply

    Your email address will not be published. Required fields are marked *