
ৰেলৱে ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সতীশ কুমাৰৰ দ্বাৰা ভৈৰৱী-ছাইৰাং নতুন ৰেল পথ প্ৰকল্পৰ পৰিদৰ্শন
মালিগাঁও, ২৫ আগষ্ট, ২০২৫:
ৰেলৱে ব’ৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’), শ্ৰী সতীশ কুমাৰে ২৪ আগষ্ট, ২০২৫ তাৰিখে ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভৈৰৱী-ছাইৰাং নতুন ৰেলৱে পথ প্ৰকল্পটো পৰিদৰ্শন কৰে। এই গুৰুত্বপূৰ্ণ ৰেল সংযোগে মিজোৰামৰ ৰাজধানী আইজলক পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰেলৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। এই উপলক্ষ্যে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱ আৰু উত্তৰ-পূব সীমান্ত ৰেলৱে(নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক শ্ৰী অৰুণ কুমাৰ চৌধাৰীৰ লগতে অন্যান্য জ্যেষ্ঠ ৰেলৱে আৰু নিৰ্মাণ সংস্থাৰ বিষয়াবৰ্গও তেওঁৰ সৈতে এই পৰিদৰ্শনত উপস্থিত আছিল।
শ্ৰী সতীশ কুমাৰৰ ভৈৰৱী-ছাইৰাং নতুন ৰেল পথ প্ৰকল্পৰ পৰিদৰ্শন অতি তাৎপৰ্যপূৰ্ণ, যিহেতু ই উত্তৰ-পূৰ্বাঞ্চলত ৰেল সংযোগ শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। পৰিদৰ্শনৰ সময়ত তেওঁ এই ৰেল পথৰ কেইবাটাও প্ৰধান আন্তঃগাঁথনি যেনে- সেতু, সুৰংগ আৰু ষ্টেচনসমূহৰ নিৰীক্ষণ কৰে।
কঠিন ভূখণ্ডৰ প্ৰত্যাহ্বান সত্ত্বেও, উত্তৰ-পূব সীমান্ত ৰেলৱেই আইজললৈ ৰেল সংযোগ সম্প্ৰসাৰণৰ দিশত উল্লেখযোগ্য কাম ৰূপায়ন কৰিছে, পৰিণামস্বৰূপে অধিক ভৌগোলিক আৰু প্ৰযুক্তিগত বাধাসমূহ অতিক্ৰম কৰি এই দীৰ্ঘ-প্ৰতীক্ষিত প্ৰকল্প বাস্তৱত পৰিণত হৈছে।