ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটৰ দৌৰাত্ম্য : গাড়ী আছে কুমাৰীকাটাত জৰিমনা কাটিলে নাজিৰাখাট টোলপ্লাজাই ৷

  • Current
  • December 16, 2024
  • 0 Comments
Telegram

ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটৰ দৌৰাত্ম্য :

গাড়ী আছে কুমাৰীকাটাত জৰিমনা কাটিলে নাজিৰাখাট টোলপ্লাজাই ৷

কুমাৰীকাটা ১৬ ডিচেম্বৰ:–

ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে স্থাপন কৰা টোল প্লাজা সমূূহক লৈ সৰ্বত্ৰে ব্যাপক চৰ্চা হৈ থকাৰ সময়তে কামৰূপ জিলাৰ নাজিৰাখাটত স্থাপন কৰা টোল গেটৰ নাভূত নাশ্ৰুত ঘটনা এটি পোহৰলৈ আহিছে ৷ নাজিৰাখাট টোল প্লাজাই তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ গেৰেজত আজি এসপ্তাহ ধৰি পৰি থকা এখন বাহনৰ নাজিৰাখাট টোলপ্লাজা কৰ্তৃপক্ষই আজি ৰাতিপুৱা ৫১০ টকাৰ জৰিমনা বিহে । ডাম্পাৰৰ গৰাকী মিৰজান আলিৰ মোবাইলত মেছেজ অহাত ব্যৱসায়ী গৰাকী হতবম্ব হৈ পৰে । জানিব পৰা মতে তামুলপুৰ জিলাৰ কুমাৰীকাটাস্থিত ব্যৱসায়ী মিৰজান আলীৰ নামত চৰকাৰী নিয়ম মতে ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজা সমূহৰ বিপৰীতে পঞ্জীয়নভুক্ত হোৱা এখন ডাম্পাৰ নং এছ ০১-এল চি- ৮০৯৯ ত আজি পুৱাৰ ভাগত উক্ত ঘটনা সংঘটিত হৈছে ৷ এনেদৰে একাংশ গাড়ীৰ মালিকৰ নামত ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনৰ অধীনস্থ টোল প্লাজা সমূহৰ দৌৰাত্ম্যত এতিয়া অতিষ্ঠ হৈ পৰিছে গাড়ীৰ গৰাাকী সকল। শীঘ্ৰেই বিভাগীয় কতৃপক্ষক উক্ত জৰিমনা বিহা টোল প্লাজাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ গাড়ী ব্যৱসায়ী সকলে দাবী জনাইছে ৷ লগতে টোল প্লাজা সমূহৰ এনে কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে গিড়ীৰ গৰাকী সকলক ৷

  • Related Posts

    • Current
    • June 18, 2025
    • 2 views
    • 1 minute Read
    নিযুক্তিৰ আনন্দ: চিকিৎসক হোৱাৰ সপোন পূৰ্ণ হ’ল!

    Telegram

    TelegramTweetনিযুক্তিৰ আনন্দ: চিকিৎসক হোৱাৰ সপোন পূৰ্ণ হ’ল!   📍 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)-ৰ প্ৰেক্ষাগৃহত আজি এটি গৰ্বৰ দৃশ্য পৰিলক্ষিত হয়। মুঠ ৪০০ গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তি পত্ৰ বিতৰণ…

    • Current
    • June 18, 2025
    • 3 views
    • 1 minute Read
    সোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত

    Telegram

    TelegramTweetসোনম ৰঘুবংশীৰ ভাই গোৱিন্দৰ প্ৰতিক্ৰিয়া নাৰ্কো টেষ্ট দাবীত 🗣️ ——————————————————   ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ সন্দেহত কোৱা যোৱা সোনম ৰঘুবংশীৰ নাম কেন্দ্ৰ কৰি যেতিয়া নাৰ্কো টেষ্টৰ দাবী উঠিছে, তেতিয়াই পৰিয়ালৰ পৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *