ৰাইজৰ দলে এককভাৱে ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বাঁধিলে, ৩৬টা সমষ্টিত সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত

Telegram

ৰাইজৰ দলে এককভাৱে ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে টঙালি বাঁধিলে, ৩৬টা সমষ্টিত সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত

 

গুৱাহাটী, ৩ আগষ্ট ২০২৫:

অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এখন নতুন দিশ লৈ আগবাঢ়িছে ৰাইজৰ দল। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ কংগ্ৰেছ প্ৰমুখ্য আন বিৰোধী দলসমূহক একাষৰীয়া কৰি, এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে দলটোৱে। দলৰ উচ্চস্তৰীয় সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, ইতিমধ্যে সম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু ১২৬টা সমষ্টিৰ ভিতৰত ৩৬টা বিধানসভা সমষ্টিত অকলেই প্ৰাৰ্থী দিবলৈ ৰাইজৰ দল সাজু হৈছে।

 

দলৰ মুখপাত্ৰগণে কৈছে, “অসমত সৎ আৰু লোককেন্দ্ৰিক ৰাজনীতি গঢ়াৰ সংকল্প লৈ আমিবিলাকে আগবাঢ়িছোঁ। আন দলৰ লগত জোট নহয়, ৰাইজৰ বিশ্বাসৰ আধাৰত আমরা এককভাৱে নিৰ্বাচনত নামিম।”

 

সম্ভাব্য ৩৬টা সমষ্টিৰ ভিতৰত কিছু উল্লেখযোগ্য নামঃ

 

দিছপুৰ

 

জোতিষা

 

তামুলপুৰ

 

ধেমাজি

 

শিৱসাগৰ

 

ধুবুৰী

 

গহপুৰ

 

মঙলদৈ

 

বৰপেটা

 

নগাঁও

(বাকী সমষ্টিসমূহৰ তালিকা দলটোৱে আগন্তুক দিনত

প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।

 

 

  • Related Posts

    বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়

    Telegram

    TelegramTweetবডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ মুখ্য বিষয় আছিল—বডোলেণ্ড পিপল’স ফ্ৰণ্ট (BPF)ৰ সৈতে সম্ভাব্য একত্ৰীকৰণ সম্পৰ্কে…

    উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ

    Telegram

    TelegramTweetউচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ লৈছে। দুয়ো পক্ষৰ নেতাই প্ৰতিদিনে একে-অন্যক লক্ষ্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *