৪ৰ্থ বাৰ্ষিক আন্তঃক্লাৱ তামুলপুৰ জিলা ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ।

Telegram

৪ৰ্থ বাৰ্ষিক আন্তঃক্লাৱ তামুলপুৰ জিলা ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ।

তামুলপুৰ, ২৫ জানুৱাৰীঃ

 

তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হয় ৪ৰ্থ বাৰ্ষিক আন্তঃক্লাৱ ক্ৰিকেট প্ৰতিযোগিতা। সৰ্বমুঠ ৮টা দলে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাখনি আজি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে ক্ৰমে বিটিআৰৰ এমচিএলএ তথা তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ সভাপতি হেমন্ত কুমাৰ ৰাভা আৰু ক্ৰীড়া সংগঠক আলাউদ্দিন আহমেদে। ইয়াৰ পিছতেই বৃক্ষৰোপণ কৰে তামুলপুৰ জিলা ক্ৰিকেট সন্থাৰ কাৰ্য্যকৰী সভাপতি দেবেন দাস, সম্পাদক ধ্ৰুৱজ্যোতি ঠাকুৰীয়া, ক্ৰীড়া সংগঠক খবিৰুদ্দিন চৌধুৰী আৰু ক্ৰিকেট প্ৰশিক্ষক পৰাগ বৰ্মনে। খেলপথাৰ উদ্বোধন কৰে দৰঙাজুলি ব্লক ইউপিপিএলৰ সভাপতি ৰাফেল দৈমাৰীয়ে। ৪ৰ্থ বাৰ্ষিক আন্তঃক্লাৱ তামুলপুৰ জিলা ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলখন উদ্বোধন কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে। আজিৰ আৰম্ভণিৰ খেলখনত তামুলপুৰ ক্ৰিকেট একাডেমীয়ে ইয়ং স্পোৰ্টিং ক্লাৱ কুমাৰীকাটাক ৮ উইকেটৰ বিনিময়ত পৰাস্ত কৰে।

  • Related Posts

    Meeting on Financial Assistance for Tea Garden Workers Held in Tamulpur*

    Telegram

    TelegramTweet*Meeting on Financial Assistance for Tea Garden Workers Held in Tamulpur*   _Each worker will be receive ₹5,000_   *Tamulpur, 17 June 2025* : A meeting was convened today at…

    তামুলপুৰৰ বাবে এটা গৌৰৱজনক খবৰ! 🌟

    Telegram

    TelegramTweetতামুলপুৰৰ বাবে এটা গৌৰৱজনক খবৰ! 🌟   তামুলপুৰ জিলাৰ কাৰখেলা (খৈৰাণী) গাঁওৰ নিৱাসী শ্যাম চেত্ৰী আৰু অৰ্মিতা দেৱীৰ জ্যোতি দেৱী অসম ক্ৰিকেট সন্থাৰ চিনিয়ৰ মহিলা দলত স্থান লাভ কৰিবলৈ সক্ষম…

    Leave a Reply

    Your email address will not be published. Required fields are marked *