২৬ৰ নিৰ্বাচনৰ টিকটক লৈ অগপত খং-ক্ষোভৰ জুই

Telegram

২৬ৰ নিৰ্বাচনৰ টিকটক লৈ অগপত খং-ক্ষোভৰ জুই

 

২০২৬ৰ নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচনকেন্দ্ৰিক টিকটক লৈ অসম গণ পৰিষদত (অগপ) দিন দিনেই খং, ক্ষোভ আৰু অসন্তুষ্টি তীব্ৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ কিছুমান অভিজ্ঞ আৰু জনপ্ৰিয় নেতা প্ৰাৰ্থী তালিকাৰ পৰা বাদ পৰাৰ সম্ভাৱনাৰ খবৰে দলৰ ভিতৰত বিক্ষোভৰ সুৰ তীব্ৰ কৰি তুলিছে।

 

সূত্ৰ অনুসৰি, সত্যব্ৰত কলিতা আৰু কমলা কলিতাৰ দৰে শীৰ্ষস্হ নেতাক ‘নাকী লগাব’লৈ আমবাৰীয়ে ফান্দ পাতিবলৈ আৰম্ভ কৰাৰ সময়তে, বিদ্ৰোহী শিবিৰো নিজৰ শক্তি বৃদ্ধি কৰিবলৈ একে সময়তে সক্ৰিয় হৈ উঠিছে। ইয়াৰ সুযোগ লৈ কেইবাগৰাকী আন নেতাই একপক্ষীয়ে নাছৰি, গোপন বৈঠক আৰু সংগঠনিক মাটিত কাম আৰম্ভ কৰিছে।

 

দলীয় সূত্ৰে জনোৱা মতে, এই বিদ্ৰোহী শিবিৰৰ সংগে যুক্ত নামসমূহত আছে— পূৰ্বতন মন্ত্রী আৰু বৰ্তমান অগপৰ প্ৰভাৱশালী নেতা ৰামেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী মহানগৰ অগপৰ প্ৰাক্তন সভাপতি অতুল বৰা (জুনিয়ৰ) আৰু বজালি অঞ্চলৰ জ্যেষ্ঠ নেতা মুকুতা ডেকা। এইসকল নেতা দলীয় নিৰ্বাচনী কৌশলত অসন্তুষ্ট হৈ একজোট হ’বলৈ তৎপৰ হৈছে।

 

পাৰ্টীৰ ভিতৰত চলি থকা এই গোপন সংগঠনমূলক নড়াচড়াই ২০২৬ৰ নিৰ্বাচনৰ আগতেই অগপৰ ভৱিষ্যৎ লৈ সন্দেহৰ ধোঁৱা উত্থাপন কৰিছে। পৰিস্থিতি আঁতৰাবলৈ নেতৃত্বই শীঘ্ৰে সমাধানমূলক পদক্ষেপ নলিলে দলৰ ভিতৰত বিভাজন নিশ্চিত বুলি রাজনৈতিক বিশ্লেষকৰ মত।

  • Related Posts

    বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়

    Telegram

    TelegramTweetবডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ মুখ্য বিষয় আছিল—বডোলেণ্ড পিপল’স ফ্ৰণ্ট (BPF)ৰ সৈতে সম্ভাব্য একত্ৰীকৰণ সম্পৰ্কে…

    উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ

    Telegram

    TelegramTweetউচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ লৈছে। দুয়ো পক্ষৰ নেতাই প্ৰতিদিনে একে-অন্যক লক্ষ্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *