
সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰা ঘটনাক JAFA-ৰ তীব্ৰ গৰিহণা
গুৱাহাটী, ৩০ জানুৱাৰী: সাংবাদিক মৃণাল কুদ্দুছক প্ৰহাৰ কৰাৰ ঘটনাক লৈ জাৰ্নেলিষ্ট এছ’চিয়েচন ফৰ আছাম (JAFA) ৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা প্ৰকাশ কৰিছে।
এক সংবাদ বিজ্ঞপ্তিত JAFA-ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দীপাংকৰ মেধী, সাধাৰণ সম্পাদক চৰিফুদ্দিন আহমেদ আৰু সহ-সম্পাদক জাহিদুল ইছলামে এই আক্ৰমণৰ ঘটনাৰ তীব্ৰ নিন্দা জনাই দোষী ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে।
তেওঁলোকে উল্লেখ কৰে যে, সংবাদ মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আৰু সাংবাদিকসকলৰ সুৰক্ষাৰ বিষয়ে প্রশাসনে যথেষ্ট গুৰুত্ব আৰোপ কৰিব লাগিব। সাংবাদিকৰ ওপৰত আক্ৰমণ এক অগণতান্ত্ৰিক আৰু দুৰ্ভাগ্যজনক ঘটনা, যাৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱা উচিত।
JAFA-ৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে মহানগৰ আৰক্ষীক দাবী জনাই দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ লগতে সাংবাদিকসকলৰ সুৰক্ষাৰ নিশ্চয়তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
এই ঘটনাই ৰাজ্যজুৰি সংবাদ মাধ্যমৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, আৰু বিভিন্ন সাংবাদিক সংগঠনে এনে আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰিছে।