শৈক্ষিক সমস্যা সমাধানৰ দাবীত তামুলপুৰ জিলা আছুৰ স্মাৰক পত্ৰ প্ৰদানঃ

Telegram

শৈক্ষিক সমস্যা সমাধানৰ দাবীত তামুলপুৰ জিলা আছুৰ স্মাৰক পত্ৰ প্ৰদানঃ

 

তামুলপুৰ, ১৬ জুনঃ

 

তামুলপুৰ জিলাৰ দুখন শিক্ষানুষ্ঠানৰ শৈক্ষিক সমস্যা সমাধানৰ দাবীত আজি বাগছা জিলা বিদ্যালয় পৰিদৰ্শকক সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাই স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ যোগে তেওঁলোকে প্ৰকাশ কৰে যে– তামুলপুৰ জিলাৰ অন্তৰ্গত গান্ধীবাৰী অঞ্চলৰ দুখনকৈ শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। জিলাখনৰ গান্ধীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত থকা ধীৰেন চৌধুৰীক বিদ্যালয়ৰ নীতিবহিৰ্ভূত কাৰ্য্যত দোষী সাব্যস্ত হোৱাৰ বাবে বিগত ৩১ মে’ত চাকৰিৰ পৰা নিলম্বন কৰে আৰু বর্তমানলৈ বিদ্যালয়খন মূৰব্বীবিহিন ভাবে চলি আছে। গতিকে অতি স্পৰ্শকাতৰ বিষয়টিৰ ওপৰত গুৰুত্ব দি বিদ্যালয়খনৰ যোগ্য কোনো এজন শিক্ষকক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব অর্পণ কৰি ছাত্র-ছাত্রীৰ শৈক্ষিক সমস্যা সমাধান বাবে দাবী উত্থাপন কৰাৰ লগতে অঞ্চলটোৰ গান্ধীবাৰী আঞ্চলিক হাইস্কুলত কেবল মাত্ৰ দুগৰাকী শিক্ষক, প্ৰধান শিক্ষক আৰু এগৰাকী বিজ্ঞান শিক্ষকৰে দৈনিক অনিয়মিয়া পাঠদানেৰে ছাত্র-ছাত্রীৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে। গতিকে তাৎক্ষণিকভাৱে ইয়াত প্রয়োজনিত শিক্ষকৰ ব্যৱস্থা কৰা বা অন্য সুবিধাজনক ব্যৱস্থা কৰাই নিয়মিয়া পাঠদানৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ তামুলপুৰ জিলা ছাত্ৰ সন্থাই স্মাৰক পত্ৰ যোগে দাবী উত্থাপন কৰিছে। আজিৰ এই স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অনুপ কলিতা, সাধাৰণ সম্পাদক নয়নজ্যোতি কলিতা সাংগঠনিক সম্পাদক দীপজ্যোতি দাস, কাৰ্য্যনিৰ্বাহক সদস্য বিতোপন ডেকা, দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভৱেশ ডেকা সাধাৰণ সম্পাদক কৌশিক ডেকাসহ কেইবাগৰাকীও আছু নেতা উপস্থিত থাকে।

  • Related Posts

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    তামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা

    Telegram

    TelegramTweetতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা তামুলপুৰ, ১৬ ছেপ্টেম্বৰঃ   আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগুৰ উপস্থিতিত নিৰ্বাচনী ব্যয় সম্পৰ্কীয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *