
লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত বিদেশী বাইক ৰাইডাৰ
জানিব পৰা মতে, বেৰী থমচনে ভাৰতৰ বিভিন্ন ৰাজ্যত বাইকৰে ভ্ৰমণ কৰি স্থানীয় সংস্কৃতি আৰু পৰিবেশ চাবলৈ আহিছিল। কিন্তু লামডিঙৰ ৰাস্তা এৰিয়াত এক ভয়ংকৰ দুৰ্ঘটনাত তেওঁৰ প্ৰাণ যাব লগা হয়। দুৰ্ঘটনাটোত বাইকখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।
লামডিঙত এই ঘটনাই বিদেশী পৰ্যটকৰ সুৰক্ষাৰ প্ৰশ্নত নতুনকৈ আলোচনা সৃষ্টি কৰিছে। স্থানীয় ৰাস্তা উন্নয়ন আৰু সুৰক্ষা ব্যৱস্থা অধিক মজবুত কৰাৰ বাবে আহ্বান জানিবলৈ এতিয়া বিভিন্ন স্থানত দাবী উঠিছে।