যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা তিনিযোৰ উৎসৱ বিশেষ ৰেলৰ চলাচল 

Telegram

যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা তিনিযোৰ উৎসৱ বিশেষ ৰেলৰ চলাচল 

মালিগাঁও, ২ ছেপ্টেম্বৰ, ২০২৫:

অনাগত উৎসৱৰ বতৰত ৰেলযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত (০৩) তিনিযোৰ উৎসৱ বিশেষ ৰেল নিৰ্ধাৰিত গন্তব্যস্থানলৈ চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰেলসমূহৰ ভিতৰত ১২ ছেপ্টেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ১১ টা ট্ৰিপৰ বাবে ৰেল নং ০৪১৯৫/০৪১৯৬ (আগ্ৰা কেণ্ট – যোগবানী – আগ্ৰা কেণ্ট) চলাচল কৰিব। ১৭ ছেপ্টেম্বৰৰ পৰা ৬ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ৭ টা ট্ৰিপৰ বাবে ৰেল নং ০৫৯৭৮/০৫৯৭৭ (ডিব্ৰুগড় – গোৰখপুৰ – ডিব্ৰুগড়) ৰেলখন চলাচল কৰিব আৰু ১৭ ছেপ্টেম্বৰৰ পৰা ৭ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ৭ টা ট্ৰিপৰ ৰেল নং ০৫৭৩৬/০৫৭৩৫ (কাটিহাৰ – অমৃতসৰ – কাটিহাৰ) ৰেলখন চলাচল কৰিব।

সেই অনুসাৰে, ৰেল নং ০৪১৯৫ (আগ্ৰা কেণ্ট – যোগবানী) বিশেষ ৰেল প্ৰতি শুক্ৰবাৰে আগ্ৰা কেণ্টৰ পৰা ০৫:০০ বজাৰ পৰা (২৬-০৯-২৫ ৰ বাহিৰে) প্ৰস্থান কৰি শনিবাৰে ১৮:৪৫ বজাত যোগবানীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৪১৯৬ (যোগবানী – আগ্ৰা কেণ্ট) বিশেষ ৰেলখন যোগবানীৰ পৰা প্ৰত্যেক শনিবাৰে ২১:০০ বজাত (২৭.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি সোমবাৰে ০৭:১০ বজাত আগ্ৰা কেণ্টত গৈ উপস্থিত হ’ব।

ৰেল নং ০৫৯৭৮ (ডিব্ৰুগড় – গোৰখপুৰ) বিশেষ ৰেলখন ডিব্ৰুগড়ৰ পৰা প্ৰত্যেক বুধবাৰে ০৯:১০ বজাত (২৪.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ ১৯:০০ বজাত গোৰখপুৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৫৯৭৭ (গোৰখপুৰ – ডিব্ৰুগড়) বিশেষ ৰেলখন গোৰখপুৰৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে ২১:৩০ বজাত (২৫.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি শনিবাৰে ১০:৩০ বজাত ডিব্ৰুগড়ত গৈ উপস্থিত হ’ব।

ৰেল নং ০৫৭৩৬ (কাটিহাৰ – অমৃতসৰ) বিশেষ ৰেলখন কাটিহাৰৰ পৰা প্ৰত্যেক বুধবাৰে ২১:০০ বজাত (২৪.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি শুক্ৰবাৰে ০৯:৪৫ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং ০৫৭৩৫ (অমৃতসৰ – কাটিহাৰ) বিশেষ ৰেলখন অমৃতসৰৰ পৰা প্ৰতি শুক্ৰবাৰে ১৩:২৫ বজাত (২৬.০৯.২৫ ৰ বাহিৰে) প্ৰস্থান কৰি শনিবাৰে ২৩:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়সূচীৰ বিস্তৃত বিৱৰণ আইআৰচিটিচিৰ ৱেবছাইটত উপলব্ধ থকাৰ লগতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ চ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰু বিভিন্ন বাতৰি কাককত জাননী প্ৰকাশ কৰা হৈ আছে। যাত্ৰীসকলক যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে বিশদ তথ্য অৱলোকন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।

  • Related Posts

    NFR achieved a 14.1% rise in freight loading

    Telegram

    TelegramTweetNFR achieved a 14.1% rise in freight loading   Maligaon, 9th September, 2025:   Northeast Frontier Railway (NFR) is tirelessly working round the clock to serve its customers and ensure…

    NFR to operate Special Steam & Diesel Joyride Services in DHR During upcoming Festive and Winter Season

    Telegram

    TelegramTweetNFR to operate Special Steam & Diesel Joyride Services in DHR During upcoming Festive and Winter Season   Maligaon, 08th September, 2025:   The Northeast Frontier Railway has decided to…

    Leave a Reply

    Your email address will not be published. Required fields are marked *