মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

  • Current
  • September 15, 2025
  • 0 Comments
Telegram

মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

 

ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ

নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন আৰু বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে আজি মৰাণত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে।

 

দুপৰীয়া সময়ত অসমীয়া যুৱ মঞ্চৰ বহুসংখ্যক সদস্যে মৰাণ নগৰত সমবেত হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি তীব্ৰ শ্লোগানেৰে প্ৰতিবাদ আগবঢ়ায়। প্ৰতিবাদকাৰীসকলে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিচ্ছবিৰ প্ৰতিকৃতি দাহ কৰাৰ উপৰিও গৃহমন্ত্ৰালয়ৰ প্ৰৱজন আৰু বিদেশী আইন ২০২৫ ৰ প্ৰতিলিপিও আগুনত জ্বলাই দিয়ে।

 

প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে যে “কা আইন ভাৰতীয় সংবিধানৰ ধাৰা-ধাৰণাৰ সন্মুখীন হোৱা এক বৈষম্যমূলক আইন। এই আইন বাতিল কৰা নহ’লে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভিমান ধ্বংস হ’ব।”

 

ইয়াৰ উপৰিও তেওঁলোকে জোৰ দিয়ে কয় যে প্ৰৱজন আৰু বিদেশী আইন ২০২৫ গণমানুষৰ স্বার্থ-বিৰোধী। সেয়েহে এই আইনক বাতিল কৰাৰ দাবি উত্থাপন কৰে।

 

অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে এই প্ৰতিবাদৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক সতৰ্ক কৰি কয় যে, শীঘ্ৰে যদি কা আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ বাতিল নহয়, তেন্তে ৰাজ্যজুৰি অধিক প্ৰবল আন্দোলন আৰম্ভ হ’ব।

 

এই প্ৰতিবাদত অংশ লোৱা সদস্যসকলে লগতে অসমবাসীক একত্ৰিত হোৱাৰ আহ্বান জনায় আৰু ভবিষ্যতত অধিক কঠিন আন্দোলনৰ হুঁশিয়াৰিও দিয়ে।

 

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 8 views
    • 1 minute Read
    তামুলপুৰত এজন আৰক্ষী বিষয়াৰ মহানুভৱতা

    Telegram

    TelegramTweetতামুলপুৰত এজন আৰক্ষী বিষয়াৰ মহানুভৱতা   তামুলপুৰ জিলাৰ কুমাৰীকাটা আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ এজন অনন্য দৃষ্টান্ত সদৰী হৈছে।   কাউলী হৰিচাঁদ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ অতি দুখীয়া পৰিয়ালৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *