মুশলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

Telegram

মুছলপুৰত কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

 

বাক্সাঃ

বাক্সাৰ সুৱনখাটাত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে।

 

তেওঁ মন্তব্য কৰে যে — “কংগ্ৰেছৰ সভাত মাত্ৰ মিঞাৰ গান বাজে। ভাৰতক ভাল পোৱা মানুহ অথবা হিন্দু মানুহ কংগ্ৰেছত থাকিব নোৱাৰে। কংগ্ৰেছত কেৱল বাংলাদেশ আৰু পাকিস্তানক ভাল পোৱা লোকেই থাকে। ইয়াৰ ফলতেই কংগ্ৰেছৰ প্ৰতিটো সভাত মিঞাৰ গান বাজি থাকে।”

 

বৰুৱাই লগতে কটাক্ষ কৰি কয় — “এতিয়া কেৱল কংগ্ৰেছৰ সভাত মাত্ৰ মিঞাৰ গান বজা দেখা গৈছে, কেইদিন মানৰ ভিতৰতে প্ৰতিটো ৰাজীৱ ভৱনত মিঞাৰ গান বাজিব।”

 

সভাত যোগ দি বৰুৱাই বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৱে বিপুল ভোটেৰে জয়লাভ কৰিব বুলি নিশ্চিত কৰা বক্তব্য প্ৰদানে।

 

বিটিআৰৰ আসনক লৈ মন্ত্ৰী গৰাকীয়ে দাবী কৰে যে বিজেপিয়ে ত্ৰিশখন আসনতে উৎকৃষ্ট ফলাফল দেখুৱাব।

 

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্যই ইতিমধ্যেই ৰাজনৈতিক ক্ষেত্ৰত প্ৰতিক্ৰিয়াৰ সৃজন কৰিছে।

  • Related Posts

    বাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈ

    Telegram

    TelegramTweetবাক্সাৰ দিহিৰাত ৰাইজৰ দলৰ প্ৰচাৰসভাত অখিল গগৈ   বাক্সা, ১৮ ছেপ্টেম্বৰঃ বাক্সা জিলাৰ দিহিৰা পৰিষদীয় সমষ্টিত ৰাইজৰ দলৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দলৰ সভাপতি অখিল গগৈয়ে একাধিক মন্তব্য কৰে। দিহিৰা…

    নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :

    Telegram

    TelegramTweetনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা : তামুলপুৰ , ১৬ ছেপ্টেম্বৰ : অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *