
মুলপুৰ মহাবিদ্যালয়ত ”নাক”ৰ পৰিদৰ্শন।
“বি” গ্ৰেড প্ৰদান– মহাবিদ্যালয় চৌহদত উচাহৰ ঢল।
তামুলপুৰ, ৩১ অক্টোবৰঃ
বিগত ২২ আৰু ২৩ অক্টোবৰত তামুলপুৰ মহাবিদ্যালয় (বৰনগৰ)ত ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদে (নাক) প্ৰথম বাৰৰ বাবে চক্ৰ-১ পৰিদৰ্শন কৰি মহাবিদ্যালয়খনক “বি” গ্ৰেড প্ৰদান কৰাক লৈ মহাবিদ্যালয়ৰ চৌহদ তথা অঞ্চলটোৰ ৰাইজৰ মাজত উচাহৰ ঢল বোৱাৰ লগতে মহাবিদ্যালয় চৌহদত ইজনে সিজনক মিঠাই খুৱাই আনন্দ উল্লাস কৰে। উল্লেখ্য যে মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ মূল্যাংকনৰ ৭ টা কঠিন বিষয়ৰ মূল্যায়নত ২.২৯ চিজিপিএ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে তথা এই গ্ৰেড আগন্তুক পাঁচ বছৰৰ বাবে বাহাল থাকিব। এই সুযোগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ যোগেন বড়োৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, স্থানীয় বিধায়ক জলেন দৈমাৰী, মহাবিদ্যালয় পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, অভিভাৱক-অভিভাৱিকা, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ, তামুলপুৰ পৌৰসভা, স্থানীয় ৰাইজ, বিভিন্ন দল সংগঠনৰ লগতে সমূহ শুভাকাংক্ষী ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে