মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BCPL পৰিদৰ্শন কৰিলে

  • Current
  • March 22, 2025
  • 0 Comments
Telegram

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই BCPL পৰিদৰ্শন কৰিলে

 

আজি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় লেপেটকাটাস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (BCPL) পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে BCPLৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়।

এই বৈঠকত BCPLৰ সামগ্ৰিক কাৰ্যক্ষমতা আৰু উন্নয়নমূলক দিশসমূহৰ বিষয়ে আলোচনা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, BCPL সম্পূৰ্ণ দক্ষতাৰে চলি আছে আৰু অসমত ‘ইজ অৱ ডুইং বিজনেছ’ ৰ ক্ষেত্ৰত এই বৃহৎ প্ৰকল্পটি এক উজ্জ্বল নিদৰ্শন।

 

উল্লেখযোগ্য যে, BCPL হৈছে অসম গেছ ক্রেকাৰ প্ৰকল্পৰ অধীনত স্থাপন কৰা এখন বৃহৎ পেট্ৰোকেমিকেল প্লাণ্ট, যিয়ে উত্তৰ-পূৱ ভাৰতৰ অৰ্থনৈতিক বিকাশত বিশেষ ভূমিকা ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ সম্ভাৱনাসমূহ আৰু আগন্তুক পৰিকল্পনাসমূহৰ বিষয়ে BCPLৰ বিষয়াসকলৰ সৈতে গভীৰ আলোচনা কৰে।

 

অসম চৰকাৰে শিল্প উদ্যোগৰ বিকাশৰ বাবে অবিৰতভাৱে কাম কৰি থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। BCPLৰ সফলতা আৰু আগ্ৰগতিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

 

  • Related Posts

    • Current
    • June 20, 2025
    • 9 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 7 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *