
মালবাহী ৰেলৰ লোডিঙত উত্তৰ পূব সীমান্ত ৰেলৱেৰ স্থিৰ অগ্ৰগতি
মালিগাওঁ, ১৫ ডিচেম্বৰ, ২০২৪:
উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ গ্ৰাহকসকলক সেৱা আগবঢ়োৱাৰ বাবে আৰু অন্তিম ব্যৱহাৰকাৰীসকলক সময়মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰাৰ অৰ্থে চৌব্বিশ ঘন্টাই অবিৰতভাৱে কাম কৰি আছে। মালবাহী ৰেলৰ লোডিঙৰ ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰেলৱেই স্থিৰ অগ্ৰগতি বাহাল ৰাখিছে আৰু ২০২৪ বৰ্ষৰ নৱেম্বৰ মাহৰ সময়চোৱাত এই ৰে’লৱেই বিভিন্ন সামগ্ৰীত ০.৭০২ মিলিয়ন টন মাল লোডিং পঞ্জীয়ন কৰিছে।
নৱেম্বৰ ২০২৪ মাহৰ সময়চোৱাত, পূৰ্ব বছৰৰ এই একেই সময়চোৱাৰ তুলনাত কেইটামান সামগ্ৰীৰ লোডিঙে গুৰুত্বপূৰ্ণ বৃদ্ধি পঞ্জীয়ন কৰিছে। উক্ত মাহটোত পূৰ্ব বছৰৰ এই একেই সময়চোৱাৰ তুলনাত চিমেণ্টৰ লোডিং ২৮০% আৰু কণ্টেইনাৰৰ লোডিং ৯.১% বৃদ্ধি হৈছে। একেই সময়ছোৱাত, পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত বিবিধ সামগ্ৰীৰ লোডিঙৰ দিশত ৩০৬.৭% বৃদ্ধিও পঞ্জীয়ন কৰা হয়।
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহত দ্ৰুতগতিত দ্বৈত ৰেলপথৰ নিৰ্মাণ কাৰ্য আৰু বৈদ্যুতিকৰণৰ কাম সম্পাদন কৰাৰ ফলত মালবাহী পৰিবহনৰ অন্তৰ্মূখী আৰু বহিৰ্গামী যাতায়াত বৃদ্ধি হৈছে। ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত চলোৱা প্ৰচেষ্টাৰ জৰিয়তে এই অভূতপূৰ্ব লোডিঙৰ সফলতা সম্ভৱ হৈছে। মালবাহী ৰেলৰ লোডিঙৰ এই অবিৰত বৃদ্ধিয়ে অঞ্চলটোত বৰ্ধিত অৰ্থনৈতিক গতিবিধিকেই প্ৰতিফলিত কৰিছে। মালবাহী পৰিবহনৰ এই উৰ্ধমুখী প্ৰৱণতাই কেৱল অঞ্চলটোৰ অৰ্থনৈতিক গতিশীলতা বৃদ্ধি কৰাই নহয়, আনহাতে ইয়াৰ দ্বাৰা উত্তৰ পূব সীমান্ত ৰেলৱেৰ বাবে উল্লেখনীয় ৰাজহো উপাৰ্জন হৈছে।