ভূটান সীমান্ত বুজন পৰিমানৰ গাঞ্জা জব্দ, 

  • Current
  • December 16, 2024
  • 0 Comments
Telegram

ভূটান সীমান্ত বুজন পৰিমানৰ গাঞ্জা জব্দ, 

এজন আটক

তামুলপুৰ,১৬ ডিচেম্বৰ- তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ মেনকা ফায়াৰিং ৰেঞ্জৰ সমীপত যোৱাকালি সন্ধিয়া ৬৪ বাহিনী এছএছবি চি কোম্পানী আৰু দৰঙামেলা আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় ৩৫ কিল’ গ্ৰাম গাঞ্জা সহ এজন লোকক আটক কৰে ৷ প্ৰাপ্ত তথ্য মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱাকালি শুকানজুলি স্থিত ৬৪ বাহিনী এছ এছ বি চি কোম্পানি আৰু দৰঙামেলা আৰক্ষীৰ এটি দলে ভূটান সীমান্ত নিচা যুক্ত দ্ৰব্যৰ বিৰুদ্ধে এক অভিযান চলাই ৷ অভিযান কালত ৬৪ বাহিনী এছ এছ বি আৰু দৰঙামেলা আৰক্ষীৰ দলে ভূটান সীমান্তৰ মেনকা ফায়াৰিং ৰেঞ্জৰ সমীপত তালাচী চলাই থাকোতে এ এচ ১৪ -৪৮৫৪ নম্বৰ স্কুটিত দুখন মোনাত পেকেট কৰি ভৰাই অনা গাঞ্জা সৰবৰাহ কৰা গজেন নাৰ্জাৰী নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

  • Related Posts

    • Current
    • June 19, 2025
    • 2 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    • Current
    • June 19, 2025
    • 3 views
    • 1 minute Read
    জটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷ ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷

    Telegram

    TelegramTweetজটিল ৰোগত আক্ৰান্ত কালাকুছি গাঁৱৰ পুলকেশ দাস ৷ ব্যায়বহুল চিকিৎসাসেৱা সৰ্বশ্ৰান্ত পৰিয়াল,ৰাইজৰ সহায়ৰ আহ্বান ৷ তামুলপুৰঃ১৯ জুনঃ তামুলপুৰ জিলাৰ কালাকুছি গাঁৱৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱক পুলকেশ দাস (৩৩) ৷ আজি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *